পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
তাৰকাসুৰৰ যুদ্ধ

মানবৰ শত্ৰু  সৰ্প ভালুকত
 মিত্ৰতা কৰি স্থাপন।
পুষি পৰিবাৰ সাধে উপকাৰ
 উপাৰ্জ্জন কৰে ধন॥
নকৰি অভ্যাস  সাধুৰ ধৰ্ম্মত
 পিতা পুত্ৰে ভাই ভাই।
কাটা কাটি কৰি বুদ্ধি দোষে মৰে
 বাঘ কুকুৰৰ প্ৰায়॥
হুয়া মতি ভ্ৰম  দেব দানবৰো
 হুয়া আছে বৈৰী ভাৱ।
স্নেহ আৰম্ভিলে নাই একো কথা
 একে পিতা একে মাৱ॥
মোহোৰ বিশ্বাস দেব সমে আৰ
 নহে দন্ধ কদাচন।
পুত্ৰৰ বচন শুনিয়া দিতিৰ
 প্ৰসন্ন ভৈলেক মন॥
ইন্দ্ৰ আদি কৰি সবে দেবগণে
 প্ৰণামি ভৈলন্ত থিৱ।
দিতি আশীৰ্ব্বাদ কৰিয়া বোলন্ত
 হৌক সবে চিৰ জীৱ॥
দিতিৰ বচনে বজ্ৰাঙ্গে দেবৰ
 বন্ধন মেলিয়া দিলা।
মাগিয়া মেলানি দিতিৰ চৰণে
 মহেন্দ্ৰ স্বৰ্গে চলিলা॥
বাসবক বহু মান্যক দেখায়া
 বজ্ৰাঙ্গ যে মহামতি।
বহুদূৰ পন্থ আগ বঢ়াইবাক
 পাছত কৰিলা গতি॥