নমো নমো দেব দিগম্বৰ যদি দিয়া তুমি পুত্ৰ বৰ
হৌক মোৰ পুত্ৰ বজ্ৰ সম কলেবৰ।
আৰু শুনা মোৰ অভিমত নমৰিব চোদ্ধ ভুবনত
প্ৰভো সদাশিব দিয়া মোক এহি বৰ॥
মহেশে বোলন্ত দিলো বৰ হৌক পুত্ৰ বজ্ৰ কলেবৰ
মৃত্যু নহৈবেক তাৰ চোদ্ধ ভুবনত।
কিন্তু ধৰ্ম্মবন্ত হৈবো সাৰ একো কালে মৃত্যু নাহি তাৰ
বৈৰী বুলি কাকো নভাবিবো জগতত॥
মহা দানী মানী দীৰ্ঘজীবী হৈবন্ত কীৰ্ত্তিযে চিৰজীবী
অমৃত বচনে আশ্বাসি বুলিলা হৰ।
বিশ্বম্ভৰ শান্ত মূৰ্ত্তি ধৰি ভকতৰ বাঞ্চা পূৰ্ণ কৰি
অন্তৰ্ধান হৈলা ত্বৰিতে দেব ঈশ্বৰ॥
⸻
দুলড়ি।
বৈশম্পায়ন ঋষি কহন্ত হাৰষি
জন্মেজয় শুনা পাছে।
দিতি পায়া বৰ আসিলা সত্বৰ
কশ্যপ স্বামীৰ কাছে॥
কশ্যপৰ বীৰ্য্যে দিতি গৰ্ব্ভাধানে
অতি আনন্দিত ভৈলা।
এক দুই কৰি দশ মাস পূৰি
পাছে পুত্ৰ জনমাইলা॥
অতি ভয়ঙ্কৰ বজ্ৰ কলেবৰ
দেখি দিতি ৰঙ্গ ভৈলা।
বজ্ৰ সম কাঁয় দেখি বাপ মায়
বজ্ৰাঙ্গ নামক থৈলা॥