লেচাৰি।
বৈশম্পায়ন ঋযি নিগদতি শুনা শুনা অভিমন্যু-নাতি
নৰসিংহ ৰূপে হৰি হিৰণ্য বধিলা।
দৈত্যৰ নন্দিনী মহা সতী পুত্ৰৰ মৰণ শুনি দিতি
মহাশোক শেল হৃদয়ে যেন পশিলা॥
পুত্ৰৰ গুণক স্মৰি স্মৰি কান্দে সতী শোকে ৰাৱ পাডি
হা হা পুত্ৰ তোৰ কিমত ভৈলা মৰণ।
ব্ৰহ্মাৰ বচনে কৈলোঁ আশ নাহিকে তোমাৰমৃত্যু ত্ৰাস
জানোঁ বুট নাটে মাৰিলেক দেবগণ॥
এহি বুলি দেবী মৰ্ম্মে জ্বলি স্বামীৰ পাশক গৈলা চলি
দেখিযা কশ্যপে বুলিলা মধুৰ বাণী।
সলোতক মুখ কি কাৰণ কিযো শোক কৰা অকাৰণ
মোৰ আগে কহা স্বৰূপ সত্য কাহিনী॥
দিতি বোলে শুনা শুনা স্বামী মোত পৰে নাহি মন্দগামী
তোমাৰ আগত মোৰ এত মান দুঃখ।
কুট নাট কৰি দেব যত হিৰণ্য পুত্ৰক কৰে হত
সেহি শোকে মোৰ নাহিকে কিঞ্চিতো সুখ॥
শুনি কশ্যপৰ ভৈলা মৰ্ম্ম বুলে এবে কৰোঁ কোন কৰ্ম্ম
এক ভিতি হস্তী আৰু ভিতি মাল খাই।
তবু শুনা অসুৰৰ মাতা শঙ্কৰক গৈয়া তপ চিন্তা
পুত্ৰ বৰ মাগি চিন্তিবো তাৰ উপায়॥
নখণ্ডে দিতিৰ মনোদুঃখ অঞ্চলে মুছিলা অক্ষি মুখ
বাঢয বৎসৰ শঙ্কৰক আৰাধিলা।
কৰিলেক তপ এক মনে পাইলা শঙ্কৰক দৰশনে
পুত্ৰৰ নিমিত্তে অনেক তুতি কৰিলা॥