শিশুপাল হৈবো দমঘেষৰ ঘৰত।
কৃষ্ণ অবতাৰে তাক কাৰবুহুঁ হত।
তিনি জন্মে পাইবো মোৰ বৈকুণ্ঠ আলয়।
এহি বুলি নৰহৰি ভৈলস্ত সদায়॥
জগত প্ৰসন্ন ভৈলা অসুৰ মৰিলা।
আকাশত দেবগণে পুষ্প বৰষিলা॥
লবঙ্গ মালতী সুগন্ধিত পাৰিজাত।
প্ৰভুৰ শিৰত বৰষিলা অসংখ্যাত॥
নৃত্য গীত আনন্দ মিলিলা থাৱে থাৱে।
অপসৰা নাচন্ত বিদ্যাধৰে গীত গৱে॥
জগতৰে শত্ৰু মৰি যমঘৰে গৈলা।
জয় জয় হৰি ধ্বনি জগত পূৰিলা॥
মুনি সিদ্ধ লক্ষ্মী মাৱ ব্ৰহ্মা দেবগণ।
সবে আসি নৃসিংহব নমিলা চৰণ॥
গন্ধে পুষ্পে পাদ্যে অৰ্ঘ্যে সবেয়ো পূজিলা।
অনুমতি লৈয়া নিজ নিজ স্থানে গৈলা॥
অমৰাৱতীত সুখে ৰৈলা সুৰপতি।
ঘোষিয়ো সমাজে হৰি সাধিয়ো জয়তি॥
শুনিয়োক সভাসদ একচিত্ত মনে।
ঈশ্বৰৰ মায়াক বুজিব কোন জনে॥
মৰাক জীৱান্ত হৰি জীয়াক মাৰন্ত।
অতৰ্ক মহিমা মহেশ্বৰ ভগবন্ত॥
অনাদি ঈশ্বৰ নাহি শকতিৰ সীমা।
আপনি সে আপনাৰ জানন্ত মহিমা॥
হেন ঈশ্বৰক ভজি পূৰা মনস্কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥
⸻