পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
তাম্ৰেশ্বৰীৰ মন্দিৰ

লগত কেইজনমান মানুহ দি তেওঁলোকক খামতি ৰজাৰ তালৈ পঠিয়ালে। খামতি ৰজাই লগত খামতি মানুহ দি বৈষ্ণবী আৰু সন্ন্যাসী দুজনাক পৰশুৰাম কুণ্ডত স্নান কৰাই অনালে। আৰু সাদিনমান তেওঁলোকক নিজৰ এটা সুকীয়া ঘৰত ৰাখি খুৱাই-বুৱাই বিদায় দিলে। প্ৰায় এমাহৰ মূৰত তিনিওজনা আকৌ উলটি আহি শদিয়াখোৱা গোঁহাইদেৱৰ সেই মন্দিৰত আশ্ৰয় ললেহি। মন্দিৰত বৈষ্ণবী ১৫ দিনমান থাকিল। এই সময়ৰ ভিতৰত তেওঁ ধনেশ্বৰ, আঘণী, লাংফাই আৰু ধনেশ্বৰৰ গোটেইটো খেলৰ মানুহকে বৈষ্ণব ধৰ্ম্মৰ বিশেষ মহাপুৰুষীয়া ধৰ্ম্মৰ সকলো তথ্য কথাৰে নামেৰে, গীত পদ ৰাগেৰে বুজালে। শদিয়াখোৱা গোঁহাইদেৱে এদিন বৰকৈ ধৰাত বৈষ্ণবীয়ে তেওঁৰ পূৰ্ব্বৰ সকলোবিলাক কথা কলে, আৰু গোঁহাইদেৱৰ অনুৰোধ এৰাব নোৱাৰি অকলশৰীয়াকৈ এদিন মুহুৰ্ত্তৰ ভিতৰতে গোঁহাইদেৱক তেওঁৰ আগৰ সেই ভূবন মোহিনী ৰহদৈ লিগিৰীৰ ৰূপটো দেখুৱালে। শদিয়াখোৱা গোঁহাইদেৱ আচৰিত আৰু স্তম্ভিত হৈ বৈষ্ণবীক এক প্ৰকাৰ গোসানীৰে অৱতাৰ বুলি মানি তেওঁক আৰু কিছুকাল শদিয়াত থাকিবলৈ বৰকৈ ধৰিলে। এৰাব নোৱাৰি বৈষ্ণবী আৰু এসপ্তাহমান থাকিল। তাৰ পিছত শদিয়াখোৱা গোঁহাইদেৱক কাকূতি-মিনতি কৰি বিদায় ললে। ইয়াৰ পিছত বৈষ্ণবীয়ে কি কি কৰিছিল সেইবিলাক কথা পাঠক পাঠিকা সকলে “ৰহদৈ লিগিৰী” উপন্যাসত পাব।

 বৈষ্ণবীৰ সেই আচৰিত ভূবনমোহিনী ৰূপ দেখিবৰেপৰা শদিয়া- খোৱ গোঁহাইদেৰ হিন্দুৰ যোগবলত বৰ আস্থাবান হৈ হিন্দু ধৰ্ম্মৰ সৌন্দৰ্যা, শ্ৰেষ্ঠতা ইত্যাদি শাস্ত্ৰ, ভাগৱতৰ মাজেদি বিচৰাত তৎপৰ হৈছিল; আৰু তেওঁ ভাটী বয়সত বঢ়িয়াকৈ বুজি লইছিল যে ধৰ্ম্ম বুলিলে কি বৌদ্ধ ধৰ্ম্ম, কি হিন্দু ধৰ্ম্ম সকলো ধৰ্ম্মই একে-একে ঈশ্বৰক বিচৰা চেষ্টা মাথোন।


ওঁ কৃষ্ণাপৰ্ণমস্ত