পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
তাম্ৰেশ্বৰীৰ মন্দিৰ

তামাৰ মাইৰ মন্দিৰৰ সমুখত লোকে লোকাৰণ্য হলহি। চুতীয়া, আহোম, আন জাতিৰ মানুহ, আনকি পৰ্ব্বতীয়া মিচিমি, আবৰ আদিও আছিল। ঢোল, খোল, মৃদঙ্গ ইত্যাদি নানা বাদ্য বাজিবলৈ ধৰিলে। দেউৰীসকলে পুৱাৰেপৰা মাতৃক ফল-ফুল, মদ-ভাত, হাঁহ-পাৰ-ছাগলী ইত্যাদিৰে পূজিছে। বেলি প্ৰায় দুপৰ হল। বৰদেউৰী, সৰুদেউৰী, বামাচাৰী তান্ত্ৰিক ইত্যাদি সকলে বন্দীশালৰ ভিতৰলৈ সোমাই গই সোণ-ৰূপ পিন্ধোৱা, কানি কাপোৰ আৰু ফুলেৰে জাক-জমককৈ সজাই পৰাই থোৱ ধনেশ্বৰক উলিয়াই আনিলে। ধনেশ্বৰৰ পিছে পিছে চকুলো টুকি টুকি আঘণীও ওলাই আহিল। দেউৰীসকলে ধনেশ্বৰক কঁকালত ৰছি লগাই, ঘেৰাও কৰি ধৰি আনি ৰাইজক দেখুৱালে। ৰাইজে “তামাৰ মাইৰ জয়” বুলি জয়ধ্বনি কৰিলে। এনেতে ধনেশ্বৰে চিঞৰি চিঞৰি কলে — “ৰাইজসকল! মই নিৰ্দ্দোষী। কাৰসাজি কৰি মোক দেও পৰীক্ষাত পেলাইছে। ” এই কথা কেইষাৰ কোৱা মাত্ৰেই দেউৰীসকলে ইঙ্গিত দি ঢুলীয়া খুলীয়াক বাজনা বজাব দিলে—যাতে ধনেশ্বৰৰ কথা ৰাইজে শুনিবলৈ নাপায়। বাজনাৰ লগে লগে ধনেশ্বৰক গড়ৰ ভিতৰলৈ টানি নিব ধৰিলে। এনেতে আঘণীয়ে চিঞৰি চিঞৰি কলে :— “ৰাইজসকল! আপোনালোকে এই বলিক গড়ৰ ভিতৰলৈ নিবলৈ নিদিব। কিয়নো আমাৰ ৰজা শদিয়া- খোৱা গোঁহাইদেৱে আহি চাই অনুমতি নিদিয়ে মানে বলিৰ গাৰ অলঙ্কাৰো সোলোকাব নোৱাৰে — বলিক বলি দিবও নোৱাৰে। আঘণীৰ এই কথা হয় হয়” বুলি ৰাইজে হাতেৰে কথাৰে দেউৰীসকলক ধনেশ্বৰক টানি নিবলৈ মনা কৰিলে। অগত্যা দেউৰীসকল আৰু বামাচাৰীয়েও ধনেশ্বৰক লই বাহিৰতে থাকিব লগাত পৰিল। আগেয়ে শিকাই থোৱামতে কমলেশ্বৰ গোঁহাইৰ এজাক সৈন্য, (প্ৰায় ২০/২৫ জন মান) গড়ৰ দুৱাৰৰ মুখত, অৰ্থাৎ ধনেশ্বৰ, দেউৰীসকলৰ পিছ ফালে থিয় হৈ ৰলগৈ।

 ইয়াৰ অলপ পিছতেই ধূলি উৰাই সিফালৰপৰা শদিয়াখোৱা গোঁহাই, তেওঁৰ একাষে কমলেশ্বৰ, আন কাষে কনকেশ্বৰ তিনিওজনাই তিনিটা তেজী ঘোৰা চেকুৰাই সেই ঠাই পালেহি। লগতে কাঁড়ধেনু আৰু ঢাল-বাৰু লোৱা এশমান ৰণুৱাও পালেহি। সেই ঠাই পায়েই ৰণুৱাসকল সিজিলমতে থিয় হল। ৰাইজে চিঞৰিলে “জয় তামাৰ মাইৰ জয়। ” “জয় স্বৰ্গদেৱৰ জয়” “জয় আমাৰ শদিয়াখোৱা