পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
তাম্ৰেশ্বৰীৰ মন্দিৰ

দুখৰ বিষয় লগাওতা মানুহৰ ঈৰ্ষাত, ৰজাৰ অত্যাচাৰত তেওঁ এই ফাললৈ আহিবলৈ নাপালে আৰু তেওঁৰ ধৰ্ম্মও এইফাললৈ প্ৰচাৰ নহল, ফলত আজিও তামেশ্বৰীৰ মন্দিৰত, সিফালে জৈন্তিয়াৰ ফাল্ছৰ মঠত নৰবলি চলিব লাগিছে। মই সদ্যহতে সকলো এন্ধাৰ এন্ধাৰ দেখিছো, কিন্তু এই এন্ধাৰৰ মাজতো এফেৰা পোহৰ দেখিবলৈ পাইছোঁ। ভালেমান শতিকা দুখ কষ্ট ভোগাৰ পিছত অসমীয়া মানুহ সাগৰৰ সিপাৰৰ এজাতি সুসভ্য মানুহৰ শাসনৰ তলতীয়া হৈ কিছুকাল সুখেৰে থাকিব। এই নৰবলি অনুষ্ঠানটোও এইবেলিৰ পৰা এই শদিয়া অঞ্চলতো লুপ্ত হব। বাছা! মই দুখুনীয়ে তোক এইবিলাক কথা কলো। তই নিৰ্ভয় মমেৰে থাকি কৃষ্ণৰ নাম লই তেওঁৰ ৰূপ চিন্তি থাকিবি। দুৰ্গাপূজাৰ অষ্টমীৰ দিনা যেতিয়া তোক সুন্দৰ কানি কাপোৰ পিন্ধাই ৰাইজক দেখুৱাৰ তেতিয়া তই চিঞৰি চিঞৰি ৰাইজক কবি : “ৰাইজ! মই নিৰ্দ্দোষী, মই নিৰ্দ্দোশী; এই বামাচাৰী তান্ত্ৰিকে কাৰসাজি কৰিহে মোক বলিত পেলাইছে। ” তেতিয়া দেখিবি কি এটা হুলস্থুল লাগে।

২৪

 কমলেশ্বৰ গোঁহাইদেৱে সৈতে কথা-বতৰা হবৰ পিছদিনা ফুলেশ্বৰী আইদেৱে দুপৰীয়া খাই-বই উঠি জিৰোৱাৰ পিছতে ভাটীবেলা আঘণী আহি আইদেৱৰ আগত আঠু লই সেৱা জনাই কলে :— “আইদেউ! ঈশ্বৰী! এই বেটীয়ে এটা গোহাৰি কৰিবলৈ আহিলোঁ। ”

 ফুলেশ্বৰী — “কি গোহাৰি কচোন আঘণী!”

 আঘণী — “আইদেৱ ঈশ্বৰী! নিৰলেহে গোহাৰিটো জনাব খোজো।

 ফুলেশ্বৰী — “তেন্তে বাৰু মোৰ খোটালিলৈ বল” এই বুলি কই আইদেৱে আঘণীক নিজৰ খোটালিলৈ লই গল আৰু তাত যথা- যোগ্য আসনত বহুৱাই, আৰু নিজেও বহি কলে :— “এতিয়া বাৰু কচোন তোৰ কি গোহাৰি। ”

 আঘণী — “কি কম আইদেউ! মই আপোনালোকৰ সেনাপতি ধনেশ্বৰ চুতীয়াই বলিৰপৰা ৰক্ষা পাবলৈ আইদেৱক খাটিবলৈ আহিছোঁ। সি নিৰ্দ্দোষী — আইদেৱ ঈশ্বৰীয়ে পিতৃদেৱতাত জনাই তাক মুক্ত কৰাই দিয়ক। ”