পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ফুলেশ্বৰী — “দেও পৰীক্ষাটোত যে কাৰসাজি হৈছল এইটো প্ৰমাণ কৰিব পাৰিলেহে হব। প্ৰমাণনো কোনে কৰিব?”

 কমলেশ্বৰ — “বৈষ্ণবীয়ে মোক কইছে যে যদি দেউতাই ৰাইজ চপাই প্ৰমাণটো চাওঁ বোলে তেন্তে তেওঁ প্ৰমাণ কৰি দিব যে দেও পৰীক্ষাটোত বামাচাৰী তান্ত্ৰিক বঙালটোৱে কাৰসাজি কৰিহে ধনেশ্বৰক বলিত পেলাইছে। ”

 ফুলেশ্বৰী — “সেইটো প্ৰমাণ কৰিব পাৰিলে দেউতাই তেতিয়া ৰাইজৰ সন্মতি লই এৰি দিব পাৰিব। বাৰু মই দেউতাক কম। ”

 এই কথা বতৰাৰ পিছত কমলেশ্বৰ গোঁহাই তাৰ পৰা গল। ফুলেশ্বৰী আইদেৱো গধূলি হোৱা যেন দেখি সখীয়েকসকলে সৈতে ঘৰলৈ গল।

২৩

 বন্দীশালত থাকি ধনেশ্বৰে ধৰ্ম্মত মতি স্থিৰ কৰি দিনে নিশাই কৃষ্ণৰ ৰূপ চিন্তি, কৃষ্ণ নাম জপিবলৈ ধৰিলে। কৃষ্ণত মন-প্ৰাণ সমৰ্পণ কৰিলে। পূজালৈ ১৫ দিনমান থাকোঁতেই ধনেশ্বৰে পৰীয়া আৰু পূজাৰী সকলক কলে :— যে নিতৌ দুপৰীয়া আঘণীয়ে আহি তেওঁক তামাৰ মাইৰ ভোগ আনি দিব লাগে। আঘণীয়ে আনি নিদিলে তেওঁ আন কাৰো হাতে ভোগ গ্ৰহণ নকৰে। বৰং শুকায়ে মৰিব। ভাটিবেলা ভাটিবেলা তেওঁৰ ওচৰলৈ বৈষ্ণবীক আনি দিব লাগে। তেওঁৰ অনুৰোধ ৰাখিবলৈ পেটে সমন্বিতে ইচ্ছা নাথাকিলেও, আৰু এইবিলাক অনুৰোধত বামাচাৰী তান্ত্ৰিক বঙালে আপত্তি কৰিলেও দেউৰীসকলে পূৰ্ব্বাপৰ ৰীতি অনুসাৰে ধনেশ্বৰৰ দুয়োটা অনুৰোধ ৰক্ষা কৰিবলৈ বাধ্য হল, কিয়নো বলিয়ে যদি নাখাই মৰে, অথবা নাখাই খীণাই শুকায়ো যায় তেনেহলে সেই বলিক গোসানীত লগাবই নোৱাৰিব, আৰু গোসানীত বলি লগাব নোৱাৰিলে হেনো দেশত ঘোৰ অমঙ্গল হব। সেইদেখি দেউৰীসকলে আঘণীক আৰু বৈষ্ণবীক সেই সেই সময়ত নিতৌ আহিবলৈ দিলে। বৈষ্ণবীয়ে নিতৌ ভাটীবেলিয়া আহি বেচাৰি ধনেশ্বৰৰ আগত ধৰ্ম্মৰ কথা কবলৈ ধৰিলে। বসুদেৱ দৈবকীৰ তপস্যাৰে পৰা কৃষ্ণৰ জন্ম কৰ্ম্ম সকলোবিলাক কবলৈ ধৰিলে আৰু তাৰ লগে লগে নিতৌ এটি কীৰ্ত্তন, এটি বৰগীত গাই ধনেশ্বৰক