পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
তাম্ৰেশ্বৰীৰ মন্দিৰ

 শঃ খোঃ গোঁঃ — “ধনেশ্বৰ! মই আঘণীক নামাতোঁ। হেজাৰ হওক তাই জীয়াৰী ছোৱালী। ৰাইজৰ আগত তাই কথা কবলৈ লাজ কৰিব! মই এটা পৰীক্ষা লব খুজিছোঁ। ”

 ধনেশ্বৰ — “ভাল দেউতা ঈশ্বৰ! দেউতা ঈশ্বৰে যেনেকৈ পৰীক্ষা কৰে তেনেকৈ পৰীক্ষা দিবলৈ এই দাস সন্মত আছোঁ। ”

 শঃ খোঃ গোঁঃ — “হেৰ মনেশ্বৰ; তই কি কৱ। ”

 মনেশ্বৰ — “মইও পৰীক্ষা দিবলৈ সন্মত আছোঁ। ”

 দুয়ো এইদৰে কোৱাত শদিয়াখোৱা গোঁহাইদেৱে এটা সৰু কলপুলি অনাই পোতালে আৰু সেই কলপুলিৰ গাত সোঁ মাজতে এবেগেত দীঘল, ৬ আঙ্গুলী পুতলৰ চুনৰ দাগ এটা দিয়াই দুয়েকো এশ নলৰ আঁতৰৰপৰা সেই দাগত কাঁড় মাৰি কাঁড় লগাব দিলে। পোনেই মনেশ্বৰক মাৰিব দিলে। মনেশ্বৰে এবেলি দুবেলি তিনিবেলি কাঁড় মাৰিলে কাঁড় গৈ কলপুলিটো ঢুকিকে নাপালে। কলপুলিৰপৰা ২/৩ নল আঁতৰতে কাঁড় ৰলগৈ। ইয়াৰ পিছত ধনেশ্বৰক কাঁড় মাৰিব দিলে। ধনেশ্বৰৰো শৰীৰৰ গঠন আৰু ওখই বহলে মনেশ্বৰৰ সমান দেখালেও যেতিয়া ধনেশ্বৰে ধেনু ভিড়াই ধেনুত কাঁড় যুৰিলে তেতিয়া ধনেশ্বৰৰ বুকু গা ফুলি পৰিল। শদিয়াখোৱা গোঁহাইক সেৱা জনাই কাঁড় এৰিলে — সেই কাঁড়ে বিজুলী চমকেৰে গই কলপুলিৰ সেই বগা দাগত সোমাই কলপুলি ভেদ কৰি ওলাই যাবলৈ কেৱল পাখী থকা সেই ৫/৬ আঙ্গুলিহে ইফালে থাকিল। ৰাইজে হৰিধ্বনি কৰিলে শদিয়খোৱা গোঁহায়ে পিঠিত চপৰিয়ালে। ইয়াৰ পিছত শঃ খোঃ গোঁহাইদেৱে ঢাল-বাৰুৰ যুজ চাবলৈ ইচ্ছা কৰি ভিতৰৰপৰা দুযোৰ ঢাল-বাৰু আনি দিলে। ধনেশ্বৰে সেই ঢাল-বাৰু বীৰৰ ল’ৰাৰ দৰে তুলি ললে; কিন্তু মনেশ্বৰে হাত যুৰি জনালে যে সি ঢাল-বাৰুৰ যুজ নাজানে। তেতিয়া শদিয়াখোৱা গোঁহায়ে মনেশ্বৰৰ ফাললৈ ঘৃণাৰ চকুৰে চালে। ধনেশ্বৰে ঢাল-বাৰু থই শদিয়াখোৱা গোঁহাইদেৱক দীঘল দি দণ্ডবৎ কৰিলে। শদিয়া- খোৱা গোঁহাইদেৱে তাক উঠিবলৈ আদেশ দি কলে :— “বুজিলো ধনেশ্বৰ; তই অতি উত্তম কাঁড়ি আৰু এটা বীৰ। মোৰ ৰাজ্যত তোৰ নিচিনা যিমান নিপুণ কাঁড়ি আৰু যুজাৰু হয় সিমান ভাল। পিছত ধনেশ্বৰ; তইতো আঘণীক বিয়া কৰাব নোৱাৰ, কিয়নো তই