পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
তাম্ৰেশ্বৰীৰ মন্দিৰ

কঁকালত সাবোট মাৰি ধৰিছিল। সি জাতিত চুতীয়া হৈ তাম্ৰেশ্বৰীৰ মন্দিৰৰ মই হেন বৰদেউৰীৰ জীয়েকক মনাইলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও এইদৰে নিলাজ ব্যৱহাৰ কৰিব নালাগিছিল। তাক ভালকৈ দণ্ড বিহিব লাগে, নহলে আগলৈ সকলোলৈকে কথা বেয়া হব। তাক দগ-পখৰা কৰি সৌকাৰে কোবাব লাগে, চমটাৰে মাৰিব লাগে, গাত পানী ঢালি চোৰাত মেলিব লাগে। ”

 শঃ খোঃ গোঁঃ — “বাৰু হেৰ মনাই। কচোন আচল কথাটো কি?”

 মনাই — “দেউতা ঈশ্বৰ। বৰদেউৰীয়ে যি কইছে সেইটো সঁচা। ”

 মনেশ্বৰে এইদৰে কোৱাৰ পিছতে হৰেশ্বৰ পুতেক ধনেশ্বৰে সৈতে সেই ঠাই পালেহি। শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোককো বহি- বলৈ দি সুধিলে — “হেৰ ধনেশ্বৰ। লাংফাই দেউৰী আৰু তেওঁৰ হব খোঙ্গা জোৱায়েক মনেশ্বৰে কইছে তই হেনো বৰদেউৰীৰ জীয়েক আঘণীক মনেশ্বৰলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও তাইক তই নিলাজ ভাবেৰে ভুঁইতলীত চুমা খাইছিলি; আৰু তাইক বলাৎকাৰ কৰিবৰ অভিপ্ৰায়ে তাইৰ ককালত সাবোট মাৰি ধৰিছিলি, এইবিলাক কথা সঁচানে?

 ধনেশ্বৰ — “দেউতা ঈশ্বৰে যদি সুধি-পুছি কাটে, তেন্তে কটা নাযাওঁ। ”

 শঃ খোঃ গোঁঃ — “বাৰু আচল কথা কি তই ক। সাৱধান মিছা নকবি। মিছা কোৱা প্ৰমাণ হলে তোৰ জিভা কটাম আৰু আন উগ্ৰ শাস্তিও কৰাম। ”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ। আমি তিনিও আহুতলীত ভুঁই ৰখি থাকোতে বেলি অলপ লাহ দিয়াত এটা বৰা-গাহৰি ওলাই ধান খোৱাত আঘণীয়ে তকা কোবাই গাহৰিটো খেদিবলৈ ধৰোতে গাহৰি- টোৱে তকাৰ কোবলৈ কেৰেৱা নকৰি আঘণীৰ পিনে চোচা এটা লইছিল; তেনেতে মনেশ্বৰে গাহৰিটোৰ গালৈ কাঁড় এপাত মাৰিছিল। সেই কাঁড় গাহৰিৰ তপিনাত লগাত গাহৰিটোৱে মনেশ্বৰৰ ফালে চোচা লই মনেশ্বৰৰ চাঙত খুন্দা মাৰিব ধৰোঁতেই মই মনেশ্বৰৰ বিপদ দেখি এপাত কাঁড় মাৰি গাহৰিটো বগৰাই লই আৰু এপাত কাঁড়েৰে গাহৰিটো মাৰিলোঁ। মনেশ্বৰে মোৰ শলাগ লওক চাৰি আঘণীৰ আগত লাজত পৰিয়েই বোধকৰো মোক গালিহে পৰিছিল। “ময়ে