পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
তাম্ৰেশ্বৰীৰ মন্দিৰ

 আঘণী — “সন্তোষ মনেৰে নহলেও পিতায়ে দিলেনো নেযায় পাৰিম কেনেকৈ?”

 ধনেশ্বৰ — “মই কওঁ শুন। মই তোক মোৰ জীউটোতকৈও বেছি ভাল পাওঁ। তোক মই মোৰ চিৰকালৰ লগৰী কৰিব নোৱাৰিলে মই মোৰ এই জীউটোকে নাৰাখোঁ।

 আঘণী — “তই সঁচা কৈছনে?”

 ধনেশ্বৰ — “মিছা কথা মই কব নাজানো। ”

 আঘণী — “তই মোক তোৰ জীউটোতকৈও ভাল পালেও পিতায়ে মোক তোলৈ নিদিলেনো কেনেকৈ যাম?”

 ধনেশ্বৰ — “তই মনেশ্বৰলৈ নেযাওঁ বুলি কলে পিতাৰে জানো বল কৰি ধৰি বান্ধি তোক তালৈ দিব পাৰিবনে?”

 আঘণী — “পাৰিবতো। ”

 ধনেশ্বৰ — “মই যদি তোক পলুৱাই নিও তই মোৰ লগত যাবিনে?”

 আঘণী — “পলুৱাই নিলেও তোৰ লগততো মোৰ বিয়া হব নোৱাৰিব। তই হলি চুতীয়া জাতিৰ, মই হলো দেউৰীৰ জীয়াৰী। ”

 ধনেশ্বৰ — “আঘণী। তই নেজাননে গুৰিত দেউৰী আৰু চুতীয়া একেজাতিৰ মানুহ। তোক মই বিয়া কৰালে নো কি হানি হব। ”

 আঘণী — “তোৰ মোৰ ভিতৰত একো হানিতো নাই। পিছত তোৰ চুতীয়াসকলেই বা মোৰ দেউৰীসকলেই হওক আমাক জাতিৰ ভিতৰত ৰাখিবনে? জাতিৰ বাহিৰ হৈ আমি অকলৈ থাকি সুখী হব পাৰিমনে?”

 ধনেশ্বৰ — “আমি যদি উভয়ে উভয়কে ভাল পাওঁ, তেন্তে আমি দুয়ো আহোম জাতিত উঠিম। কিয়নো আমি “আহোম” হলো বুলি কলেই বদান্য আহোমসকলে আমাক তেওঁলোকৰ জাতিত তুলি লব। ”

 আঘণী — “আমি জানো নিজ নিজ জাতি এৰি পৰৰ জাতি এটা ললে ভাল হব”?

 ধনেশ্বৰ — “বেয়ানো কিটো হব। আহোম, চুতীয়া, দেউৰীসকলো একে মানুহ। গুৰিত একে জাতিৰ বুলিলেও হানি নাই। আমাৰ কত চুতীয়া জাতি কত দেউৰী জাতি আগেয়েই আহোম হৈ গৈছে। আমাৰ ৰজাৰ জাতি আহোমৰ নিয়ম এনে সুন্দৰ যে “মই আজিৰ