পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
তত্ত্ব আৰু তথ্য৷

 এই বৰতোপটোৰ গাত আকৌ পাৰস্য ভাষাত এইদৰে লিখা আছে:—

 “চেখট্ আব্দুল কৰিম্ টপ্ চজ্ ওজন ২৯ মন ২৯ সেৰ চেখ ফকিৰউদ্দিন।”

 অৰ্থাৎ হিলৈকৰোতা আবদুল কৰিমে এই বৰতোপটো কৰিলে। ইয়াৰ ওজন ২৯ মোন ২৯ সেৰ। চেখ্ ফকিৰ উদ্দিনে এনে বুলি লিখিলে।

(৮) দ্বিতীয় বৰতোপটো

 ডিকমত আছে। আগৰটোৰ দৰেই মহাৰাজ গদাধৰসিংহই যবনক জয় কৰি গুৱাহাটীত এই অস্ত্ৰ পালে বুলি লিখা আছে। কিন্তু ইয়াৰ গাত পাৰস্য ভাষাত লিখা থকা কথা খিনি এই :—

“দৰ ইহিত মান্ ই মিৰ চয়দ আহ্মদ ডাৰোগা আৰ্চ দাদা চাদ চাখট্ মহম্মদ জামান্ টপ চাজ ওৱাকি জাহাঙ্গিৰ।”

 অৰ্থাৎ বৰতোপটো মিৰ চয়দ আহ্মদ দাৰোগা আৰ্জৰ জিম্মাত ৰখা গল। জাহাঙ্গীৰৰ ৰাজত্ব কালত মহহ্মদ জামান নামেৰে এটা হিলৈ কৰোতাই ইয়াক নিৰ্ম্মাণ কৰিলে।

(৯) তৃতীয় বৰতোপটো

 আগেয়ে কাৰ্জ্জন হলত আছিল। এতিয়া অনুসন্ধান সমিতিৰ ঘৰত আছে। ই দীঘলে ৩ ফুঃ ১০ ইঃ ইয়াৰ