পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জড়বাদ।

 সত্যতা নিৰূপণ কৰা সত্ববৈজ্ঞানিক মতৰ এটা মতক আমি জড়বাদ বোলোঁ। ই কয় যে প্ৰকৃত সত্য জড় বা পদাৰ্থ, ইয়াৰ গুণ প্ৰসাৰণ আৰু অভে- দ্যতা আৰু ইয়াৰ কাৰ্য্যকাৰিকা শক্তি গতি। আমাৰ আত্মসম্বন্ধীয় অৱস্থাবোৰ শাৰীৰিক অৱস্থাৰে বুজাব পাৰি- লেই জড়বাদৰ মতে সত্যতা যে জড় তাক প্ৰমাণ কৰা হয়। আৰু এইবোৰ নো কেনেকৈ ঘটে তাক তলত দেখুৱা হৈছেঃ-

 বহুদৰ্শিতাৰ পৰা আমি জানিব পাৰোঁ যে আত্ম- সম্বন্ধীয় অৱস্থাবোৰ শাৰীৰিক অৱস্থাৰ দ্বাৰাই ঘটি থাকে। আমি জানো যে ইন্দ্ৰিয়বিশিষ্ট জাতি বা প্ৰাণী জাতিহে মাথো চৈতন্য অৱস্থাবিশিষ্ট আৰু এই দুই জাতিৰ আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়ুমণ্ডলীৰ কাৰ্য্যাৱলীৰপৰাই ঘটে। কিন্তু এনে এটা বিশ্বাস আছে যে আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়ুমণ্ডলীৰ কাৰ্য্যাৱলীৰ পৰা নঘটে। কিবা এটা বেলেগ জীৱনী শক্তি আছে যাৰ দ্বাৰাই আত্মসম্বন্ধীয় অৱস্থবোৰ ঘটি থাকে। এই জীৱনী শক্তিক আমি নেজানো। কিন্তু জড়বিজ্ঞানবিৎ- সকলে কয় যে সকলো ব্যাপাৰকে কিবা এটা নজনা,