পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অভিব্যক্তি বাদ।

লাগিছিল। এই আষাৰ কথা কওঁতে সমালোচকে চাৰিও পিনে মন নকৰে। কিয়নো বান্দৰ মাত্ৰেই যে নেজবিশিষ্ট এনে নহয়। কেতবোৰ উচ্চ শ্ৰেণীৰ বান্দৰ দেখিবলৈ পোৱা যায় সেই বোৰৰ নেজ মুঠেই নাই আৰু অকণ- মান থাকিলে দেখাও নাপায়। ইফালে মানুহৰ যে নেজ থকাৰ একেবাৰে চিন নাই এনেও নহয়। আমাৰ মেৰুদণ্ডৰ তলৰ ফালে কোঁচ খাই থকা অস্ফুট এক অংশ আছে। সেয়ে আমাৰ নেজ। ভ্ৰূণাৱস্থাত এই নেজ সুন্দৰৰূপে দেখা যায়।

 মানুহৰ কাণৰ ওপৰ ভাগ অলপ থিয়। এই থিয় হোৱা অৱস্থা মানুহৰ আগৰ উৰ্দ্ধকৰ্ণৰ অৱস্থাৰ ৰূপান্তৰ। কিয়নো জন্তুৱে বিপদৰপৰা সতৰ্ক হৈ থাকিবলৈ সদাই কাণ মূৰ থিয়কৈ থাকে। কাণ সদাই থিয়কৈ থকাৰপৰা কাণ থিয় হৈ গৈছে। আৰু সেই জন্তুৰ মানুহ ৰূপান্তৰ বুলিয়েই মানুহৰ কাণ থিয়।

 অণুবীক্ষণ যন্ত্ৰৰ সাহায্যত আৰু ৰসায়ন শাস্ত্ৰৰ বলত স্থিৰ কৰা হৈছে যে, মানুহৰ তেজ যি যি বস্তু আৰু যি যি অনুকৰণ দ্বাৰা গঠিত, অন্যান্য উচ্চ জীৱৰ তেজো প্ৰায় সেই উপকৰণেৰে গঠিত। চন্দ্ৰকলাৰ হ্ৰাস বৃদ্ধিয়ে মানুহৰ জীৱনৰ ওপৰত যেনে প্ৰভাব চলায়, বান্দৰ স্তন্যপায়ী জীৱ আৰু মেৰুদণ্ডশালী জীৱৰ ওপৰতো তেনে প্ৰভাব চলায়।