পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্ম্ম আৰু বিজ্ঞান।

পিনেই ভূঁইকঁপ হয়।” বিজ্ঞানে আহি ইয়াৰ মূৰতে ডাঙ্ দি কলে বোলে ই কিয় হব; ই হবই নোৱাৰে। বিজ্ঞানে কবলৈ ধৰিলে “পৃথিবীৰ তলখন বৰ তপত। পৃথিবীৰ ওপৰ ভাগৰ পৰা যি ঠাই যিমান তল সেই ঠাই সিমান তপত। বৰ দ খনিত কাম কৰা মানুহে ইয়াৰ প্ৰমাণ কৰিব পাৰে আৰু কৰিছেও। এই আভ্যন্তৰিক তাপৰ বাবেই ইয়াৰ আহ্নিক আৰু বাৰ্ষিক গতিৰ বাহিৰেও ইয়াৰ পৰমাণুবিলাকৰ মাজত মানুহৰ বোধগম্য নোহোৱাকৈ এটা গতি আছে। তাতে পৃথিবীৰ ওপৰ ভাগৰপৰা ৩০।৩৫ মাইলমান তাৰ সকলো ঠাই চেঙ্গচেঙ্গিয়া তপত পনীয়া পদাৰ্থেৰে পৰিপূৰ্ণ হৈ আছে। তপত পানীৰ পুংবিলাকেই ইয়াৰ জ্বলন্ত প্ৰমাণ। নাৰিকলৰ পানী যেনেকৈ টান চোকোৰাৰে ঢকা আছে, পৃথিবীৰ তলৰ জুলীয়া পদাৰ্থবিলাকো টান চামনিৰে ছটা আছে; কোন কাৰণত সেই টান ঢামনি ঢিলা হলে তলৰ মহাসাগৰৰ তপত পানী পৃথিবীৰ চামনিবিলাক ভেদ কৰি উহ লয়; সেয়ে গৰম পানীৰ পুং। সাগৰৰ পানী এনেকৈ কঁপি ঢৌ উঠে, পৃথিবীৰ তলৰ মহাসাগৰতো মাজে সময়ে দুই এটা ঢৌ উঠে। কোনো কাৰণত পৃথিবীৰ আভ্যন্তৰিক তাপ বেচি হলে পৃথিবীৰ ভিতৰৰ খনিত থকা ধাতুবিলাক তাপ লাগি উতলি ওপৰলৈ উঠিবলৈ বা বিস্তাৰ হবলৈ চেষ্টা কৰিলে অথবা ইয়াৰ তলৰ মহাসাগৰৰ ঢৌ উঠি পৃথিবীত লাগি খুন্দা খালে পূৰ্ব্বোক্ত