পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মৰীচিকা নহয়। এই জগৎ আমাৰ পৰম উপকাৰী, আমি ইয়াত থাকি তোমাৰ নিৰ্দ্দিষ্ট কৰ্ম্ম কৰি তোমাক সেৱা কৰি তৰিবলৈ তুমি আমাক দিছা। এই বাবে দুষ্ট কলিকাল, নৰতনু, ভাৰতবৰ্ষ ধন্য; কাৰণ ভাৰতত কলিত নৰতনু পাই, তোমাৰ নাম-গুণ গাই তোমাক ভক্তি কৰি ভজনা কৰি আমি তৰিবলৈ তুমি বাট কৰি দিছা। শঙ্কৰদেৱৰ ধৰ্ম্মৰ এই সাৰ কথা।

       সাংখ্যৰ মতে প্ৰকৃতি আৰু পুৰুষ এই দ্বৈততত্ব অনাদি। অপৰা প্ৰকৃতি জড়বৰ্গৰ উপাদান। পৰা-প্ৰকৃতি চৈতন্যৰূপী জীৱভূত প্ৰকৃতি। গীতাই কয়, প্ৰকৃতি আৰু পুৰুষ চৰম তত্ব নহয়। প্ৰকৃতি পুৰুষৰ অতীত সৰ্ব্বব্যাপী সৰ্ব্বগত পৰম পুৰুষ যি তেৱেঁই জগতৰ মূল কাৰণ। সত্ব ৰজ: তম: -এই ত্ৰিগুণও তেওঁৰপৰা ওলাইছে। ভূত চৰাচৰ ঈশ্বৰৰ অপাৰ প্ৰকৃতি, জীৱাত্মা পৰা-প্ৰকৃতি। পৰমাত্মাৰে সৈতে ভূত চৰাচৰতকৈও জীৱাত্মাৰ বিশেষ সমন্ধ আছে। পৰমাত্মাই আমাৰ উপাস্য দেৱতা। তেওঁ আমাৰ ভক্তি, পূজা, উপাসনা গ্ৰহণ কৰিছে। তেওঁ আমাৰ পিতা, মাতা, ইষ্ট, সোদৰ, বন্ধু। তেওঁ পাপীৰ পৰিত্ৰাতা, মুক্তিদাতা, ধৰ্ম্ম প্ৰৱৰ্ত্তক, সকলোৰে প্ৰভূ, মহান পুৰুষ; "মহা প্ৰভূৰ্বৈ পুৰুষঃ সত্ত্বস্য প্ৰবৰ্ত্তকঃ"। এই পৰমেশ্বৰ কৃষ্ণই সৃষ্টি, স্থিতি আৰু প্ৰলয়কাৰী তিনিজন দেৱতা (Trinity) ব্ৰহ্ম বিষ্ণু শিৱকো ছন্দি আছে। সেইদেখি মহাপুৰুষীয়া বৈষ্ণৱ ভক্তই সেই পৰমশ্বৰ কেশৱৱক স্তুতি কৰি গায় ̶

ক ঈ শ জানিবা       ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
প্ৰতি প্ৰতি তিনিৰে অন্বয়।
ৱ পদে নাৰায়ণ       তিনিকো আছয় ছান্দি,

এহি হেতু কেশৱ বোলয়।।

       ভগৱান শ্ৰীকৃষ্ণই কৈছে- এই ত্ৰিগুণাত্মিকা পৰা-প্ৰকৃতি মোৰ মায়া। মই যোগামায়াৰ দ্বাৰায় প্ৰচ্ছন্ন হৈ আছোঁ, সকলোৰে আগত প্ৰকাশমান নহওঁ। এই নিমিত্তে মূঢ়সকলে মোক জন্মহীন আৰু অব্যয় বুলি নেজানে।

       শঙ্কৰ-মাধৱৰ প্ৰচাৰিত ধৰ্ম্মইও কয় ̶ প্ৰকৃতি-পুৰুষেই চৰম তত্ত্ব নহয়। তেওঁলোকৰো নিয়ন্তা মাধৱ ঈশ্বৰ আছে ̶

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।

সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।। ̶ ঘোষা।

       বেদান্তৰ জীৱ ব্ৰহ্ম একীভূত হোৱা কথা আৰু জীৱ মুক্ত হৈ নিৰ্গুণ ব্ৰহ্মত স্থিতি লাভ কৰা কথাই সগুণ পুৰুষোত্তম ঈশ্বৰক উপাসনা ভজনা কৰা পুৰুষীয়াক নাটে। জীৱই শুদ্ধ হৈ ব্ৰহ্মত্ব লাভ কৰে।

কৃষ্ণকেসে মাত্ৰ ভজে যিটো জনে
অব্যভিচাৰী ভকতি।
তিনি গুণ অতি ক্ৰমি ব্ৰহ্মৰূপ

পাৱে সিটো মহামতি।।

এনে নিৰ্গুণ ব্ৰহ্মৰূপ পাই মুক্ত হৈয়ো মহাপুৰুষীয়া ভকতি স্থিৰ থাকিব নোৱাৰে। তেওঁ তাতে সন্তুষ্ট নহয়। তেওঁ সেই অৱস্থাও অতিক্ৰম ক্ষৰাক্ষৰৰ অতীত সগুণ