পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰি

যাতনাই খহাই নাঙঠ কৰা দেহত নিচুকনি লাজ
বহুদিন পাৰ হৈ মলিয়ন তোৰ সন্মিলনৰ সাজ
ন বা পুৰণি মোৰ এজোৰো নাই
জুইক জানো লাগে পোছাক


পাঁচ

ডাং নোহোৱা উদং ঘৰলৈ কবিতাৰ অবাধ আগমন
উৰুখা ছাল মজিয়াত সজাওঁ ৰ'দ-বৰষুণ
শিতানতে টোপনি শুব পৰা নাই
কবিতাই কন্দুৱায় নিচুকায় দিনৰ পিচত দিন

(১৯৯৪)

তটিনী তীৰৰ খেলা//৭৫