পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আইতা

একোলা পলসত গজা শইচৰ মালিতা
ধেনুভিৰীয়া দেহত শীত-বসন্তৰ গাথা
পকা কঠাল যেন হাঁহিৰ গোন্ধেৰে সেয়া আমাৰ আইতা

হাঁচতিত ৰ’দ-বৰষুণৰ হীৰক জয়ন্তী
খোচোনাত অন্তহীন এটোপোলা সাধু
চুলিত খেতি চপোৱা পথাৰৰ শূন্যতা
তাতে দলঘাঁহ এডৰা

অগণন ৰেখাৰ কটাকটি জ্যামিতিৰ চিত্ৰায়িত মুখত
ইতিহাসৰ হাঁহি-কান্দোনৰ ৰোল

খাট্‌পেৰাত আইতাৰ ভাগৰুৱা দেহৰ অৱশেষ সপোন
ধান সেউজ বৰষুণ নৈখনো খীৰতী গাই যেন
আহুতলিৰ বহাগী যৌৱন পুৰুষে মুখ নেদেখা ন-কইনাৰ মন

আইতাৰ ছাঁটো আমাৰ চাবেক ঘৰ
ঢাৰি পাৰি বহে তেওঁ গৈ থাকে জোন
চোতালে তামোলে বাঁহগছ দোঁৱাই জোনাকৰ বৰষুণ
তাতে জুৰুলি-জুপুৰি তেজীমলা
মালিনীৰ বাৰীত ফুলকোঁৱৰ সৰা
ভৰিৰ তলৰ মাটি খহি দ গাঁত নে কমলা কুঁৱৰীৰ নাদ

৭০//তটিনী তীৰৰ খেলা