পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খবৰ আহিল
চাৰিআলিৰ চ’কত বোমটো ফুটিল
ধোঁৱাই ভেটিলে ৰ’দ

লাইটপোষ্টত কলিজা এটাৰ শেষ ধপ্‌ধপনি
কৃষ্ণচূড়াত ওলমি আছিল এটুকুৰা ল’ৰালিৰ হাত
গোটমৰা তেজত নিঠৰ মাতটো তেওঁৰে আছিল

এতিয়া পথাৰত দেদাউৰিয়াই ফুৰিছে বতাহ
বতাহৰ ডেউকাত কলিজা কঁপোৱা আৰ্তনাদ

(২০০৪)

৫৬//তটিনী তীৰৰ খেলা