এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শৈশৱৰ সপোন জোনৰ হৰিণ
গচকি খচকি আইতাৰ কোলা
কুঁৱলীৰ সাগৰত উজাগৰ ভেলাঘৰ
কেঁচাখৰিৰ ধোঁৱাই ধৰা আধাফুটা ভাত
ঝিলিৰ চি-চিয়নি গৰুবিহুৰ নৈ ঘাট
ওমলনি ছোঁঘৰত ভীমৰ গোঁফ
চিৰিয়াখানাত বন্দী অৰণ্যৰ জীৱন
ড্ৰয়িং ৰূমৰ বাকচত জগত-সংগীত
শাওণৰ মাখি হৈ উৰে তাত
আঁহত-কুলি-কপৌ
পোণাহঁতৰ মুখে মুখে আধুনিক কুৰুলি
উৎসাহ অৱসাদ নিচা
নগৰীয়া টোপনি...
উদ্যানৰ ফোঁৱাৰাই তিয়াব নোৱাৰে খৰাং বুকু
ওঁঠৰ পৰা হেৰায় নৈ
বুকুৰ পৰা উৰে পলস-বৈভৱ ধূলিয়ৰি হৈ
আত্মাৰ কোঠাতো জোতাৰ ছন্দ
কাৰ্পেটৰ ধূলিৰে ধুঁৱলী-কুঁৱলী
নিচিনি-নমনি-নুশুঙি
আকাশৰ ৰং বতাহত গোন্ধ
সপোনৰ লক্ষ্য প্ৰাচুৰ্যৰ সুউচ্চ পাহাৰ
জীৱন সেই লক্ষ্যৰে
বেতনভোগী পহৰাদাৰ
(২০০৪)
৫৪//তটিনী তীৰৰ খেলা