পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৈৰ ইলিজী

নৈৰ প্ৰেমিক হৈয়ো প্ৰিয় হ’ব নোৱৰাৰ দুখকে আইক বাৰে বাৰে ক’লোঁ
যি কথা আয়ে পিতাইক আইতাক ককাই আৰু তেওঁলোকক
কৈছিল আজোককাই

নৈৰ ভোক সুপ্ৰাচীন আমি কেৱল লৰ্‌চৰ্‌
ককাৰ মাটিত মোৰ ঘাম কেতিয়াবা পানী কেতিয়াবা বাম
উচ্ছেদৰ পিচতো গৰু–ম’হ এঠা দৈ ভোগালী ধানৰ পাম

মেঘে মেঘে ফুলশয্যা পাতি নৈ আহে দুৰ্যোগৰ এমা-ডিমা লৈ
ঘোলা চাদৰখনত চপৰা হৈ খহে প্ৰাণ

পেশী ফুলাই নাও বাওঁ অথবা ভেলা-ডিঙাৰ ওপঙা পৃথিৱীত পাৱ
নৈয়ে কুৰুকি খায় গোবৰ মাটিৰ বেৰ আমি সান্ত্বনা নিবিলাওঁ
ছালকুঁৱৰীয়ে নচালৈ বাট চাওঁ পানী কিমান শুকাব
চিন দিওঁ গছত বেৰত আৰু মৃত্যুঞ্জীয়া কলিজাত
গাগিনীক সুধি ৰাতিটো কটাওঁ— বৰচাং চুবলৈ কিমান পৰ
চ’তিতে উখাহি থওঁ দহমোনীয়া নাও

চহৰৰ সীৰলুৰ গম্বুজৰ চৌবাচাত শৈশৱৰ হাতত কাগজৰ নাও
তাৰ পৰা শুনিনে মাটি সৰা মাটি মৰা শব্দ
দেখিনে উটি যোৱা বাতি-চৰু তোচক-তলিচা
সপোন দেখা ল’ৰাটোৰ পুথিৰ টোপোলা

সহানুভূতিত নুগুচে ভোক
পীত পানী নকমায় বাতৰি আৰু বিজ্ঞাপনে

(১৯৯৯)

তটিনী তীৰৰ খেলা//৪৫