পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শৈশৱৰ ৰ’দ

নগ্নতাও শৈশৱৰ পোছাক
উপৰ্যুপৰি চুমাবোৰ গাল ৰঙা টোকৰবোৰ
সেন্দুৰ সৰা বোৱাৰী নাকটো
লিপ্‌ষ্টিক-ললনা আৰু সোলা আইতাৰ
শেলেঙী ওঁঠৰ ধেনুভিৰীয়া ছাপটো
প্ৰসাদ গোন্ধৰ হেঁপাহ বুটলি
ডাঙৰ হ'লোঁ সকলো হেৰুৱালোঁ

বুকুত দাঁত ওঁঠত হাঁহি
শৈশৱে ঘুলি লোৱা জলাহৰ অন্য নাম নাৰী

কেঁকুৰি পাৰ হৈ অনুভৱ কৰোঁ উভলা দাঁতৰ শূন্যতা
এচৰীয়া পানীত নাওখেলা দিন

আমতল পনিয়ল বগৰীৰ আঁচোৰ বৰটেঙা-দুপৰ
বনিয়নত কলমৌৰ কলাজ লৈ জাৰণিৰ সাঁথৰ ভঙা হাবিয়াস

এতিয়া বয়সসন্ধি গজি জাৰণি যেন মুখ বুকুত এন্ধাৰ সমুদ্ৰ
অ’ মোৰ সোণ বৰণীয়া মাছ
গুচাই দে প্ৰাত্যহিক আকাংক্ষাৰ নিৰ্মম বিষাদ

নগৰীয়া ভূগোলত হেৰুৱাইছোঁ পথৰুৱা জ্যামিতি
হেৰুৱাইছোঁ প্ৰভেদ দিন আৰু ৰাতি
পোছাকেৰে সামৰিব পৰা নাই নিৰ্মম নগ্নতা
সেই যে এটা চোলাৰ কাহিনী—
তাপলি মাৰি মাৰি তাপলি মাৰিবলৈ ঠাই নোহোৱা

(১৯৯৭)

৩৮//তটিনী তীৰৰ খেলা