পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাপি

জাপিটো হেৰুৱাই বাটকুৰি বাই ৰ’দত পুৰিছোঁ
কোনোবা ৰাতি গৰজিছে ঘনঘোৰ আকাশ
তোমাৰ ঘৰৰ ছাদ বিচাৰি বঢ়াইছোঁ ভিখাৰী দুহাত
অতিথি হৈ হেৰাইছোঁ হেৰুৱাইছোঁ
ইয়াতে এদিন হয়তো এইটোৱেই মোৰ ঘৰ আছিল

জনমৰ আগেয়ে জাপিটো মোৰ শিৰত আছিল
চতুৱা দুপৰত পথাৰত বিনৈ বচা আইৰ পাঁচমহীয়া গাত
জাপিৰ ছাঁ

পথৰুৱা সন্ধিয়া জাপিৰ ওপৰত ছাউনী পতা পতংগৰ পাল খেদি
এচাৰি-নাঙল-শইচৰ সমীকৰণে দেউতাই উভালে জাৰণি যেন দুখ
সীৰলু তলত আমি শুই আছিলোঁ সীৰলু আকাশ চাই

আলি ভঙা শৈশৱত জাপিটো আছিল
জাপিৰে ভৰিছিল পথাৰৰ শাওণ মাহ
জাপি ফুটোৱা শিল-বৰষুণ পাহৰি
টকৌ পাতেৰে গঞাই ছোৱায় ছাল

জাপিটো হেৰুৱাই জিৰণি চ’ৰাত গঞাজাক
মুষলধাৰত হাওলা দেহ সীয়নী পচা সাজ

ওৰে বাট তিতি-বুৰি আহি পাইছোঁ পান্থনিৱাস
য’ত আমি জাপিটো হেৰুৱাইছিলোঁ

(২০০২)

২৬//তটিনী তীৰৰ খেলা