পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুকুখন এদিন ঘাঁহনি আছিল চকু দুটা আকাশ
মুঠিত চিলা উৰুওৱা যঁতৰ
জুপুৰিত আছিলোঁ
লঘোণীয়া কাঁহীত সপোনৰ বৰভোজ

তেওঁ মোক আইনাখন দেখুৱালে আৰু মই জনীয়া নাৱত তৰিলোঁ পাল
আফলামুখত তোমাক উটাই সৰিয়হতলীলৈ উলটিম
য’ৰ পৰা উৰুৱাইছিলোঁ শৈশৱৰ শেষৰখন চিলা...

(২০০৪)

তটিনী তীৰৰ খেলা// ২৫