পৃষ্ঠা:তটিনী তীৰৰ খেলা.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মঞ্চত কুশীলৱৰ ফাট যোৰোৱা বক্তৃতা
চন্দ্ৰতাপ নেতৃত্বৰ চোলা
ভিতৰখন তাপলি মৰা

শৈশৱৰ ফাট দেখা ভয়
অভয় দি ককাই ক’লে—
গছপুলি ৰুবি
শিপাই ব’ব অদেখা চাদৰ
ভূমি কঁপিলে ঢাপটো খহিলে
জালিকটা চাদৰত এপলক ৰ’ব

(২০০২)

১৮//তটিনী তীৰৰ খেলা