পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ দেশমাতৃৰ ঘোৰ শত্ৰুক কৰি দে ছাৰখাৰ ॥

ভাঙি চিঙি পিহি চূৰমাৰ কৰি
ভেদাভেদ কাৰাগাৰ
আহ অসমীয়া হিলদল ভাঙি
হৈ যা একাকাৰ,
এক মজিয়াৰ ভাতৃ-কলহ্
কৰ তই পৰিহাৰ;
মুক্ত উদাৰ কণ্ঠ খুলি
শত্ৰু-বক্ষ কম্পিত কৰি
উচ্চৈস্বৰে কৰ হেৰ তই
ঐক্যৰ অঙ্গীকাৰ।
‘এইবাৰ তোৰ ৰণ নিবাৰ’
ৰাখ ৰাখ মনত এই কথাষাৰ,
যা আগুৱাই, প্ৰাণ দি হলেও
দেশ ৰাখ আপোনাৰ
ৰাজ্য লোলুপ, ৰক্ত লোলুপ
দেশমাতৃৰ ঘোৰ শত্ৰুক
কৰি দে ছাৰখাৰ,
নহলে নৰব এইবাৰ হেৰ
ভূমণ্ডলৰ মানচিত্ৰত
চিনচাব অসমীয়াৰ। +

15