পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ নিঃশেষ কৰ বন্য পশু-ৰাজ ॥

8

মাতৃভূমিৰ মুক্তি যুঁজাৰু
মহাকাল ৰূপে জাগ হেৰ তই
ৰূদ্ৰৰূপেৰে জাগ,
অসুৰ নিধন যজ্ঞত তই
নাচ তাণ্ডৱ নাচ
তই নটৰাজ ৰূপে নাচ।

শত্ৰু-সেনাৰ অস্ত্ৰহানত
বৰ্ব্বৰোচিত আক্ৰমণত
লাঞ্ছিতা যত নিৰ্য্যাতিতা
ধৰ্ষিতা যুত জীয়ৰী-বোৱাৰী গাভৰু ৰমণী
ৰণ-চণ্ডী ৰূপ ধৰি ধৰি জাগ,
অসুৰ মদ্দিনী দুৰ্গা ৰূপেৰে জাগ;
দেশৰ যত মহিষাসুৰ
কৰ চিৰাচিৰ কৰ মষিমূৰ
নিঃশেষ কৰ বন্য পশু-ৰাজ,
আঁতৰাই যত ক’লা এন্ধাৰ
তোল গঢ়ি তোল মাতৃভূমিত
দেৱতাৰ সমাজ। +

10