পৃষ্ঠা:ডৰিয়লি.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুজাই দিবলৈ ভাল পায়। এনে কৰিলে ল'ৰাবোৰৰ আগ্ৰহো বাঢ়ে আৰু সিহঁতৰ মতামতো জানিব পাৰি।

 ‘তহঁতৰ কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি?’

 দিহাঙে সতীৰ্থসকলৰ পৰা প্ৰশ্ন আহ্বান কৰিলে।

 ‘ভাৰতৰ অত্যাধুনিক অস্ত্ৰৰে চহকী বিশাল সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দি আমি জিকিব পাৰিমনে? অসমক স্বাধীন কৰিব পাৰিমনে?’—

 মানস নামৰ শিৱসাগৰৰ ল’ৰাজনে সুধিলে।

 ...শত্ৰুৰ বিৰুদ্ধে ৰণত জিকিবলৈ হ’লে প্ৰথমে আমি শত্ৰুৰ দুৰ্বলতাবোৰ জানি ল’ব লাগিব। ভাৰত ৰাষ্ট্ৰ অত্যাধুনিক অস্ত্ৰেৰে চহকী — এই কথা সঁচা। কিন্তু এই ৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ’ল ভাৰতৰ কোনো অঞ্চলৰে ৰাইজ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ লগত নাই। প্ৰায় প্ৰতিখন ৰাজ্যতে ৰাষ্ট্ৰবিৰোধী গোট এটা আছে— সেয়া সশস্ত্ৰ গোটেই হওক বা অহিংস গোটেই হওক। মাও চে তুঙেও কৈছিল— আমোলাতান্ত্ৰিক ৰাষ্ট্ৰ বাহিৰৰ পৰা যিমানেই শক্তিশালী নহওক কিয় ভিতৰি সিহঁত দুৰ্বল। কিয়নো গণশক্তিৰ পৰা তেওঁলোক বিচ্ছিন্ন। ...আমাৰ কাম হ’ব জনসাধাৰণক ৰাষ্ট্ৰৰ শোষণৰ কথা সহজ-সৰল ভাষাত বুজাই দিয়াটো। তেওঁলোকে যেতিয়া আমাৰ সংগ্ৰামৰ অন্তৰ্নিহিত উদ্দেশ্য হৃদয়ংগম কৰিব পাৰিব, তেতিয়া তেওঁলোকো আমাৰ লগলৈ আহিব। এই বৃহৎ গণশক্তিক ভাৰতৰ দৰমহা খোৱা আৰ্মীয়ে কেতিয়াও নিঃশেষ কৰিব নোৱাৰিব। ..আৰু এটা কথা মনত ৰাখিবি— যদি আৰ্মীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়, তেতিয়া মনটো স্থিৰে ৰাখিব লাগিব আৰু শুদ্ধ ডিচিছন ল’ব লাগিব। সিহঁতৰ হাতত আমাতকৈ আধুনিক অস্ত্ৰ থাকিব পাৰে; কিন্তু সিহঁত আমাতকৈ শক্তিশালী নহয়। কাৰণ, সিহঁতে যুদ্ধ কৰে চাকৰি হিচাপে, মৃত্যুভয় লৈ। কিন্তু আমি আদৰ্শৰ বাবেহে যুঁজ কৰোঁ। বুলেট কামুৰি শপত লৈ সংগঠনত যোগ দিওঁতেই আমি মৃত্যুভয় নেওচি আহোঁ। আমি বহু আগতেই জানো— আমাৰ পথ অনিশ্চিত, দীঘল— মৃত্যুৱে য’তে-ত’তে চোপ লৈ আছে—’

 ল’ৰাবিলাকে অৰ্থনৈতিক মুক্তিৰ কথা সোধে। সহজ-সৰল ভাষাত বুজাই দিয়ে দিহাঙে। ভাৰতীয় বজাৰখনৰ বাহিৰেও পূবৰ দেশবোৰৰ সৈতে বাণিজ্য গঢ়ি তুলিব পৰাৰ বিপুল সম্ভাৱনীয়তাৰ প্ৰসংগ উলিয়ায় সি।

 স্বাধীন অসমৰ কল্পনাত ল’ৰাবোৰৰ চকু ঢুলু ঢুলু হৈ উঠে। সিহঁতে এখন সন্তুলিত সমাজৰ সপোন দেখে। দুখীয়া গাঁওবোৰ স্বাধীনতাৰ যাদুকাঠীৰ স্পৰ্শত সুজলা-শ্যামলা হোৱাৰ সপোন দেখে। সেই সপোনত সুখ আৰু সমৃদ্ধিৰ ডাঙৰি কঢ়িয়ায় অসমৰ শোষিত জনগণই। সিহঁত দৃঢ় হয়। পৰস্পৰৰ মুখলৈ সিহঁতে বিশ্বাসেৰে চাই পঠিয়ায়—

১৩৮