পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পাতনি।

“ভাল বন্দী পালা তুমি, দুৰাশা ডাকিনি!—
কৰিব’ তোমাৰ পূৰ মনৰ কামনা
কোৱাইছা যেই-সেই তুমি, পিশাচিনি!—
যেইসেই কৰাইছা নকৰি ভাবনা!!”

 আমাৰ অনন্ত দুৰাশাৰ অন্ত নাই! জগতৰ সৰ্ব্বপ্ৰধান কবি, কবিকুল শিৰোমণি চেক্ষপীৰ ক’ত? আৰু আমাৰ নিচিনা ক্ষুদ্ৰতকৈ ও ক্ষুদ্ৰ, নগণ্য প্ৰাণী ক’ত? অথছ, দুৰাশা ডাকিনীয়ে পাই আমাক যিইচ্ছা তা’কে কৰাইছে!!

 এই “ডেচ্ দিমোনা' কাব্যখনি আমাৰ সেই দুৰাশাৰেই ফল। মহাকবি চেক্ষপীৰৰ “ওথেলো” নাটকৰ প্ৰধান নায়িকা “ডেচ্ দিমোনা”ৰ ছঁয়ালৈ এই ক্ষুদ্ৰ কাব্যৰ অবতাৰণা। মৰমীয়াল পাঠক পাঠিকা সকলে যেন লিখোতাৰ দুঃসাহস মাৰ্জ্জনা কৰে, ইয়াকেহে গোহাৰি কৰিলো।

 শেহত কওঁ, যে এই পুথিখনি লিখিবৰ আজি বহুত দিন হ’ল। নানাৰকম অসুবিধা গতিকে, ইমানদিনে পুথি খনিৰে ৰাইজৰ আগত দেখা দিব নোৱাৰিছিল। সম্প্ৰতি আমাৰ “আসাম পাৱলিছিং হাউচ”ৰ বিদ্যোৎসাহী ম্যানেজাৰ শ্ৰীযুৎ জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে আগ্ৰহ কৰি ইয়াক প্ৰকাশ কৰে। এই কাৰ্য্যৰ নিমিত্তে তেখেতৰ ওছৰত লিখোঁতা চিৰঋণী,—আৰু, লগেলগে, পাঠক সকলৰো তেখেত শলাগৰ পাত্ৰ।

ইতি। ২৯।১।১৭—লিখোঁতা।