পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“যেতিয়া প্ৰণয়ে আহি পশিলে হৃদয়,
“তেঁওৰ দুখত ৰঙ্গ কৰিছিলো মই॥

   ( ২৩ )
 “মোৰ উপেক্ষাতে হই বিষণ্ণ নৈৰাশ,
“সঁপি গ'ল তেঁও মোক দুখৰ হাতত;
“নিৰ্জ্জন ঠাইত গই গোপণে গোপণে
“ত্যাজিলে পৰাণ তেঁও দুখ বেজাৰত॥

   ( ২৪ )
 “মোৰে সেই দোষ, হ’ল মোৰেই অহিত!
“নিজাপ্ৰাণে নিজদোষ কৰি পৰাচিত,
“যি ঠাইত কৰে তেঁও অনন্ত শয়ন,
“সি ঠাইত গই মই ত্যাজিম জীৱন।

   ( ২৫ )
 “সি ঠাইত গই মই অকলে অকলে
"বিসৰ্জ্জিবলই প্ৰাণ থাকিম বিৰলে;
“মোৰ কাৰণেই তেঁও ত্যজিলে পৰাণ,
“তেঁওৰ নিমিত্তে ময়ো তিয়াগিম প্ৰাণ॥