পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

   ( ৭ )
 “লাজৰ বিষয় ইটো, হে নিৰ্ব্বোধ ডেকা!
“শোক দুখ এৰি দিয়াঁ তুমি হৃদয়ৰ!
“অদ্যাৱধি কৰাঁ ঘৃণা তিৰুতা জাতিক,
“বিষম সৌৰভ সেই মোহিনী ফুলৰ॥”

   ( ৮ )
 এই বুলি যোগীটিয়ে ৰ’ল মনে মনে,
লাজত মু-খনী কিন্তু আৰক্তিম হই
এৰি-অহা মৰমৰ অতিথীৰ আগে
ধীৰে ধীৰে অন্তৰৰ দিলে ভাব কই॥

   ( ৯ )
 বিস্ময় চকুৰে চাই, দেখিলে যোগীয়ে,
আকাশ-মাজত যেনে পুঁৱা সময়ত
বিবিধ বৰণ জ্বলে, জ্বলিলে সিৰূপে
বহু শোভা, নানা সাজে চকুৰ আগত॥

   ( ১০ )
 লাজুকী মু-খনি আৰু ওখ বুকু খনি
যোগীটিৰ অন্তৰত সুমুৱালে ভয়,
সুন্দৰী বিদেশী যাত্ৰী পাছে ধীৰে ধীৰে
গাভৰু ছোৱালী বুলি দিলে পৰিচয়॥