পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

   ( ১৪ )
 কুটীৰত ৰঙ্গ দেখি বিৰলী পোৱালি
ৰঙ্গত অধীৰ হই নাচিব’ ধৰিলে;
জিলীয়ে জুৰিলে গান, জুই ফিৰিঙ্গতি
জুহালৰ কেউফালে উফৰি পৰিলে॥

   (১৫)
 কিন্তু একোতেই যাত্ৰী নাপালে সন্তোষ,
নিৰানন্দ মন, হায়! বিদেশী যাত্ৰীৰ
অন্তৰ বিষাদে ভৰা, টোপাটোপে পানী
ওলালে চকুৰ পৰা দুখী বিদেশীৰ॥