পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

   ( ১০ )
 নিৰ্জ্জন যোগীৰ পজা, শান্তি নিকেতন
বনৰ মাজতে, -দূৰে, -আছিলে লুকাই
নিৰাশ্ৰয় বিদেশীৰ দীন দৰিদ্ৰৰ
পথভ্ৰষ্ট পথিকৰ আশ্ৰয়ৰ ঠাই॥

   ( ১১ )
 কুটিৰত এনেকুৱা একোটিকে নাই,
চোৰে নিব বুলি যাক যোগীটিৰ ভয়,
ডাঙ্গমেলি দুৱাৰৰ সোমাল কুটীৰ
দুয়োটিয়ে একেলগে লাহে লাহে গই॥

   ( ১২ )
 বিশ্ৰাম লইছে সবে এনুৱা কালত
শেষ কৰি কাজ কাম, পাই অৱসৰ;
যোগীটিয়ে কিন্তু তুষ্ট কৰিব’ যাত্ৰিক
খৰি আানি, জুই ধৰি দিলে জুহালৰ॥

   ( ১৩ )
 যি আছিলে ফলমূল দিলে উলিয়াই,
খাব দিলে বিদেশীক সন্তোষ মনত
সাধুকথা কইমেলি সাধু যোগীটিয়ে
কটাব ধৰিলে কাল ৰঙ্গ অানন্দত॥