পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডেচ্‌দিমোনা

২০

"অন্তিমতো খাওঁ এটি, চুমা এটি দিয়াঁ॥”
এই বুলি দুয়ো গালে খালে দুটি চুমা,
উন্মাদ ওথেলো আজি দোৰ্ঘৰ উন্মাদ!
“প্রাণপ্রিয়া ডেচি!” বুলি মুদিলে দুচকু,
পৰিহৰি প্রাণ, পাছে, ভুলিলে বিষাদ!!
ভ্ৰান্তিৰ ছলত পৰি আজি হাহাকাৰ!
ভস্মীভূত হ’ল পুৰি সোণৰ সংসাৰ॥
     ১১⸺৫⸺১৩

অন্ত।
⸻*⸻