পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

ডেচ্‌দিমোনা

১৪

 “কিয় কঁপা? কিয় কান্দা সঘনে সঘনে?”
 দুখেৰে বুলিলা তুমি, “ডেচীৰপৰাণ!”
 “এয়ে মাথোঁ মনস্তাপ—এয়ে মাথোঁ ভয়
 “বিষম সন্দেহ ৰ’ল মনত তোমাৰ
 “ই চিন্তাত মাথোঁ মোৰ দহিছে হৃদয়॥
 “ক্ষান্ত হোৱা আজি, নাথ! ৰাতিটো পুৱাঁলে
 “সন্দেহ তোমাৰ মই গুছাম মনৰ—
 “কাটা মাৰা যেই কৰা, কৰিবা তেতিয়া
 “এয়েই প্ৰাৰ্থনা মোৰ শেষ জীৱনৰ॥
 “বিশ্বাসঘাতিনী মই নহওঁ তোমাৰ,
 “পুৱাঁ হ’লে, দিম, নাথ! প্ৰমাণ ইয়াৰ॥”

   (১৬)
ওথেলো  “সাজু হোৱা, প্ৰিয়ে! তুমি মৃত্যুৰ নিমিত্তে
 “প্ৰমাণত আৰু মোৰ নাই প্ৰয়োজন!
 “খন্তেক অপেক্ষা কৰা তেন্তে, প্ৰাণনাথ!”
 বুলিলা সুন্দৰি! শুনি স্বামীৰ বচন॥
 “যি পাপিনী কলঙ্কিনী” বুলিলে ওথেলো
 “জ্বলালে অগনি মোৰ হিয়াৰ মাজত,
 “খন্তেকো থাকিব দিয়া সেই পাপীষ্ঠাক