পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মৃত্যুৰ নিমিত্তে সাজু নোহোৱা জনক॥
কিন্তু তুমি লোৱাঁ সই অতীত পাপৰ
অনুতাপ কৰাঁ আজি সি পাপ সুমৰি,
সাক্ষী আছে চন্দ্ৰ তৰা, নবধোঁ তোমাক।”
ই দরে তোমাক কলে স্বামীয়ে, সুন্দৰি!
আশঙ্কিত হই, ডেচি! বুলিলা স্বামীক
“কইছা হত্যাৰ কথা নেকি, নাথ! তুমি?”
“হয়, প্রিয়ে! তাকে কওঁ” বুলিলে ওথেলো।
কঁপিলে তোমাৰ প্ৰাণ সেই কথা শুনি।
কঁপি কঁপি কলা “নাথ! অগতিৰ গতি
ৰাখোক ডেচীক প্ৰভু জগতৰ পতি॥”

   ( ১১ )
 “ময়ো তাকে কওঁ, প্রিয়ে!” বুলিলে ওথেলো,
 অন্তৰে সইতে কওঁ, ৰাখোক ঈশ্বৰে।”
 তেন্তে, নাথ! তুমি হত্যা নকৰাঁ ডেচীক
 অকালত আজি?” তুমি বুলিলা সাদৰে॥
ওথেলো  “কৰা তুমি অনুতাপ অতীত পাপৰ
 সি পাপৰ ক্ষমা মাগা প্রভুৰ কাষত;
 নতুবা, নিশ্চয় আজি বধিম তোমাক