পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডেচ্‌দিমোনা

(১)

ব্ৰেবান্তিৰ (১) কন্যা তুমি,জন্ম ভেনিচত,
সৰ্ব্বৰূপ গুণযুতা, অতীব সুন্দৰী;
ঐশ্বৰ্য্য ধনৰ কিন্তু আশা পৰিহৰি
মন প্ৰাণ সঁপিছিলা তুমি ওথেলোত (২)॥
কৃষ্ণবৰ্ণ ‘মুৰ’ (৩) বংশে জন্ম ওথেলোৰ,
আছিলে ওথেলো নিজে অতি কদাকৃতি,
কিন্তু গুনি গল্পচ্ছলে বীৰোচিত কীৰ্ত্তি
ওথেলোতে দিলো সঁপি জীৱন নিজৰ (8)॥
ওথেলো তোমাক পাই স্বৰ্গঢুকি পালে,
ওথেলোক পাই তুমি ভাহিলা সুখত;


 (১) Brabantioৰ। এওঁ ডেচ্‌দিমোনাৰ (Desdemona) বাপেক।
 (২) Othelloত। এওঁ ডেচ্‌দিমোনাৰ স্বামী।
 (৩) Moor বুলি এজাতি মানুহ। এই জাতিৰ মানুহবিলাক বৰ ক’লা আৰু কদাকাৰ। ওথেলোও এই মুৰ জাতীয়ই।
 (8) ডেচ্‌দিমোনাই বহুত ৰূপবান গুনবান আৰু ঐশ্বৰ্য্যশালী ৰজা বিলাককো প্ৰত্যাখান কৰি, কৃষ্ণকায় মুৰ ওথেলোত প্ৰাণমন সমৰ্পন কৰিছিল। প্ৰেমৰ ইতিহাসত ডেচ্‌দিমোনাৰ জগতত চিৰস্মৰনীয়া। সেই প্ৰেম ওথেলোৰ এক কথাতেই প্ৰকাশ পাইছে:- She loved me for the dangers I had passed, And I loved her that she didi pity them."