পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মহাকবি চেক্ষপীৰ।

 জানো দিলে বীণাপানী বীণা আপোনাৰ
বজাব তোমাক, কবি! দেখি যোগ্যবান,
সি বীণাতে গাই, জানো, সুমধুৰ গীত
কৰিলা মোহিত তুমি মানৱৰ প্ৰাণ॥
দিলে জানো চিত্ৰলেখা লেখনী নিজৰ
আঁকিলা মোহিনী ছবি কিবা চমৎকাৰ,
মিৰেণ্ডা, জেচিকা, আৰু ডেচ্ দিমোনা সতী
লিউক্ৰেটীনা, ওফিলীয়া চিত্ৰ জুলীয়াৰ॥
কাব্য-ফুলনীত তুমি কবিৰূপী কুলি,
কি বসন্তে কি হেমন্তে সকলো কালতে,
আন্ধাৰত পোহৰত মনৰ হৰিষে
গালে মধুময় গীত মধুৰ সুৰতে॥
প্ৰণমো তোমাক আমি, কবিকুলমণি!
মৰিও অমৰ তুমি বিখ্যাত জগতে॥

---মালচ (অপ্ৰকাশিত)