পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমৰ্পণ।

পৰম কল্যানীয়া
শ্ৰীমতী জয়দা আইদেও।
     নগাঁও,–আসাম।


মৰমৰ ভনীটি!
 দিছিলে ঈশ্বৰে মোক দুটি মাত্ৰ ধন
“ভনীটি’ নামেৰে,-মোৰ ভনীটি স্নেহৰ!
দুৰ্ভাগ্যৰ ফলে, এটি কৰিলে হৰণ
অকালত নিদাৰুণ কালে কৃতান্তৰ!!
“সুৰেণৰ” মৃত্যু-শোক নউ পাহৰোতে,
চকুৰ চকুলো মাৰ নউ যাওতেই,
নুমলীয়া সৰুভনী লাহৰী বিমলা
কন্দালে দুনাই মোক কান্দি থাকোতেই॥
 দুটি ভনীটিৰ তুমি একেটি ভনীটি
আছা সংসাৰত মাথোঁ-কিবা দিম মই?
নিতাস্ত কঙ্গাল, হায়! একো নাই মোৰ,
আছে মাথোঁ শোকতাপ ব্যাকুল হৃদয়,-
আৰু আছে দুচকুত চকুলো দুধাৰি,
বিষাদৰ হুমুনীয়, নিৰাশা মনত,-
কোলালোৱা দুটি হাত—মৰমত-মতা
মুখৰ “ভনীটি” মাত নিৰস মুখত॥