পৃষ্ঠা:ডেকা-গাভৰুৰ লক্ষণ চৰিত্ৰ.djvu/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[১৯]

⸻⸻⸻⸻⸻⸻⸻⸻⸻

ওপৰলৈ ধুলি উঠি আহে অৰ্থাৎ খোজত ধুলি উৰি উৰি আহে তেওঁ বৰ কুলক্ষণী, পৰাপক্ষত তেওঁক সহ ধাৰ্ম্মিণী কৰা যুগুত নহয়।

 ৩৭। যাৰ কৰঙ্গনত নোম নাই, সমান আৰু শিৰ নোলোৱা সেই গাভৰূক হে সুলক্ষণী বুলি কয়, এতেকে তেওঁ অকুৰূপা হলেও বিয়া কৰোয়া উচিত।

 ৩৮। যি গাভৰূৰ পেটৰ ওপৰৰ শিৰ বিলাক নেদেখি, পেটতো তললৈ নমা আৰু পেটৰ চাল লুপ্ থুপ্ কৰে কোমল তেওঁ বৰ সুখী হয়

 ৩৯। যাৰ কাষলতি সমান তেওঁ সদা সুখত থাকে, আৰু যাৰ খাল হয় তেওঁৰ সদায় দুখহয় ইহ জনমত তেওঁ কেতিয়াও সুখৰ মুখ দেখিবলৈ নেপায়।

 ৪০। যি গাভৰূৰ পিঠিত নোম থাকে আৰু মঙ্গহীয়াল তেওঁ বাৰী ভাত খাবলৈ পায়।

 ৪১। যাৰ বুকুৰ মাজত নোম নেথাকে তেওঁ বৰ চহকী হয় আৰু সেই গাভৰূক গিৰিয়েকে বৰ মৰম কৰে আৰু আঁতৰা আঁতৰি হৈ বেচি দিন থাকিব নোৱাৰে।

 ৪২। যি গাভৰূৰ হাতৰ তলুয়া কোমল আৰু বেছি আঁক নেথাকে তেওঁ বৰ সুলক্ষণী বুলি কয়।