পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“কটা, নষ্ট যাবি।” সিদিন৷ কোনে৷ কামত ঘৰৰপৰা ওলাই বহুত দূৰ পাইছিলোঁগৈ। মই ইয়াতে কৈ থওঁ যে মোৰ জীৱন কৰ্ম্মময়; এখস্তেক শাঁতিৰে বহি থাকিব নোৱাৰে।—টাকুৰী ঘূৰাদি ঘূৰি ফুৰিবৰহে মন যায়। সি যি হওক, সেই দিন! টিকা ফট। বঙ্গ। বদৰ তাপত তৎ নাই। ভাগৰ লাগি জৰী-গছ এজোপাৰ তলতে এখন্তেক জুৰাবৰ মনেৰে বহিলোঁ— প্ৰকৃতিয়ে পাৰি যোৱা আসনত বহি ভেম জুৰি গছৰ গাত গাঁউজি পলে॥ ভ্ৰী-গছ জোপায়ে! মোক সহানুভূতি দেখুৱাৰৰ মনেৰে বিৱৰিৱকৈ ৰতাহ বলালে। ভাবিলোঁ, হায়, ইয়াত কিমান সুখ! কিমান সন্তোষ!! দুখ-সমুলি আঁতৰে। এইদৰে নানা ভাবত মদি থাকোতে আগতে এটা আদহীয়া মানুহ ওলালহি। মানুহটো আঁঠুৰ মূৰলৈকে চুৰিয়া পিন্ধা, গাটো শুদ!, মূৰত চেলেং কপোৰ এথনেৰে পাগুৰি মৰ৷; কঁকালত হাচটি, ওঁঠ দুখনি কলা পৰ৷ যদিও “তাম্বুল-ৰাগৰঞ্জিত,” চকু “কোটৰ-প্ৰৰিষ্ট”। তাৰ মুখৰ আঁকটা গোন্ধত ওচৰত তিষ্ঠিব নোৱাৰি। “হাই-চোৰৰ মুৰত পাখি, কঁঠাল-ঢোঁৰৰ এঠাই সাক্ষী।" তাৰ অপৰূপ চেহেৰাই সাক্ষী দিলে যে সি কানীয়া। মানুহটোৰ বয়স অৱশ্যে বেচি হোৱা নাছিল দেই; কানি-দেৱতাৰ কপাতহে তাৰ মুখ বিবৰ্ণ হৈ পৰিছিল আৰু তেজৰ বিকৃতিও জন্মিছিল। সি পেটৰ কথা উলিয়াবৰ মনেৰে ফেহেলিয়াই কেহেলিয়াই কথা সুধিবলৈ ধৰিলে। কিন্তু আমুকা ডেকা বৰুৱা এলাপেচ। 'ভষত' নহয়-- সাত ঘাটৰ চেঙেলি। সি ছাল-ছিগা ভি‍ কানীয়া এটাই তেওঁৰ