পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বিয়! দিন-কাল হৈছে এনে। এইবোৰ কথা ভাবি-গুণি চাই, তোমাৰপৰ। সহায় ললে দহ জনে আমাক ভাল নোখোলে, বৰং আমাৰ বদনাম হে ৰটিব।” মই কলোঁ, “যি সমাজত মিলা-প্ৰীতি নাই, একতা নাই, সহাস্থভূতি নাই,—আছে কেৱল থিয়লাথিয়াল, দন্দ, ছাই, পৰশ্ৰীকাতৰতা, কুসংস্কাৰ আৰু মইবৰ ভাব এনে সমাজ জহন্নামে যাওক, এনে সমাজ মোক নালাগে। সৰহ কথা আপোনাক কি কম, আপুনি মোহে নিজৰ পেটৰ পোৱালিৰ দৰে ডাবিব মাথোন। ঈশ্বৰে কৰিলে আপোনাৰ অৱস্থা টনকিয়াল নহৈ নাথাকে।” এই দবে নানা কথা হোৱাৰ পাচত ৰূপহীৰ থাকে বিদায় ললে। 83 ময়ো মাজে-সময়ে ৰূপহীহ"তৰ ঘৰলৈ গৈ ৰূপহীৰ মাকৰ লগত নানা বিষয় আলোচনা কৰিবলৈ ধৰিলোঁ। আমাৰ সমাজ আদিৰ বিষয়ে নানা সমালোচন! হবলৈ ধৰিলে। লাহে লাহে দেখিলোঁ, আমাৰ আলোচনাত ৰূপহীয়েও চুচুক-চামাককৈ যোগ দিবলৈ ধৰিছে। দেখি বৰ সন্তোষ পালে"॥ লাহে লাহে বিধৱা-বিবাহ আদিৰ বিষয়েও আলোচনা হল। ৰূপহীয়ে গাৱঁলীয়া ছোৱালী-স্কুলত কিছু দিন পঢ়িছিল আৰু তাৰ পাচত দেউতাকৰ ওচৰত নানা তৰহৰ নীতিজ্ঞানমূলক কিতাপ পঢ়িবলৈ সুবিধা পাইছিল। মাজে-সময়ে ৰামায়ণ-মহাভাৰত পঢ়া ৰূপহীৰ অভ্যাস। এতিয়া মোৰ মনত আনন্দ এয়ে যে ৰূপহীৰ মন ক্ৰমশঃ বিধৱা-বিবাহৰ ফালে ঢাল খাইছে। গতিকে মোৰ পক্ষে লক্ষণটো বাৰু যেন দেখিলোঁ। এদিন কথাই কথাই মই ৰূপহীৰ মাকৰ আগত বিয়াৰ প্ৰস্তাৱকে কৰি পেলালোঁ। মই বিধৱা-বিবাহৰ সপক্ষে দেখুৱা অকাট্য শাস্ত্ৰীয় কথা ৰূপহীৰ মাকৰ মনত লাগিছিল; এতিয়া তেওঁ বিশেষ আপত্তি নকৰিলে