পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। (3) আমাৰ ঘৰ দুখন—এখন নগৰত, আনখন গাৱঁতে। গাৱঁত আমাৰ মাটি-বাৰী বেচি,নগৰত নিচেই কম। সেই কাৰণে মই গাৱঁত থাকি খেতি- বাটি কৰিবলৈ মন মেলিলোঁ। অকল খেতি-বাটি কৰি পেট পোহাই মোৰ অভিপ্ৰায় নাছিল। লগে লগে গাৱঁলীয়া স্বাস্থ্যৰ, পথ-ঘাট, শিক্ষা সমাজ আদিৰে৷ উন্নতি কৰিবলৈ যনতে পাঙি থলোঁ। 'নগৰীয়া ভাল মানুহ, গুচি 'গাৱলীয়া চত্I' হবলৈ অহা দেখি মানুহে বিশ্বঘ্ন মানিলে। প্ৰথযতে ধনৰ অভাৱত, বিশেষকৈ ৰাইজৰ সহানুভূতিৰ অভাৱত উল্লেখ- যোগ্য একো কাম কৰিব নোৱাৰিলোঁ; তথাপি হতাশ নহলে॥ Ch জয়ে জয়ে আমাৰ ভাগি-ছিগি যোৱা ঘৰখনৰ ধান-থিত লগাবলৈ দিহা কৰিলোঁ। সৰু সৰু ঘৰবোৰ ডাঙি ডাঙৰ-দীঘল আৰু আহল- বহল কৰিলোঁ। যাতে বিশুদ্ধ বায়ু অবাধে যাতায়াত কৰিব পাৰে তেনে উদ্দেশ্যেৰে প্ৰত্যেক কুঠৰীতে কেইখনমান ডাঙৰ ডাঙৰ খিৰিকি কটালে॥ ইয়াতে কৈ থওঁ যে বহুত গাৱঁলীয়া মানুহৰ ঘৰৰ ভিতৰখন দিনতে ঘোপ-মৰ৷ আন্ধাৰ; চাকি নলগালে অনভ্যস্ত মহিহে ভালকৈ একে। দেখিবৰ সাধ্য নাই। খিৰিকি নামমাত্ৰ কৰবাত কেনেবাকৈ এখন-দুখন থাকিলেও সেই বোৰক খিৰিকি বুলিব নোৱাৰি; তাত আছে কেৱল থিৰিকি নামৰ কলঙ্ক বা বদনাম। ইয়াৰ দ্বাৰা আমাৰ গাৱঁলীয়। মানুহৰ স্বাস্থ্য সম্বন্ধীয় জ্ঞান কিমান প্ৰথৰ সেইটো সহজে অনুমান কৰিব পাৰি। মুঠৰ ওপৰত, আমাৰ ঘৰখনত যাতে স্বাস্থ্য সম্বন্ধীয় কোনে৷ আসোঁৱাহ নথকা হয়, তাৰ নিমিত্তে অহে৷ পুৰুষাৰ্থ কৰিলে॥ বাৰীৰ সৰু পুখুৰীটোত মামুছে নামি গা ধোৱে। গতিকে তাৰ পানী ব্যৱহাৰ কৰ। ভাল যেন নেদেখিলোঁ। সেই পুখুৰীটো পোতাই ৰান্ধনী- ঘৰৰপৰা ভালেমান দূৰত এটা দ নাদ খনালো, কিছুমান দিনৰ মূৰত .