পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বিয়া। পালে।” কথা৷ কাৰ্য্যত পৰিণত কৰিষলৈ যদিও কিছুদিন লাগিল, তথাপি মই নিজৰ প্ৰতিজ্ঞ। নেৰিলোঁ। মানুহ-দুলুছ, ৰোৱনী-দাৱনীৰ অভাৱত আগেয়ে দেউতাই আমাৰ কিছুান মাটি আধি দিছিল আৰু কিছুমান খাজনালৈ লগাইছিল। এতিয়া যেনে তেনে প্ৰকাৰে সেই আটাইখিনি মাটি কবলৈ মনতে পাভিলোঁ। প্ৰথম বাৰত যদিও বিশেষ ভাল ফল নেদেখিলোঁ, পাচৰ বাৰত কিন্তু ফল সন্তোষজনক হল। সকলোৱে জানে, ঘৰত ধান মুঠি হলে কাৰে। ওচৰত হাত পাতিৰ নালাগে। ধান বেচিব পাৰিলেই পইচা ওলায়। পইচা হলেই সকলো কাৰ্য্য সিদ্ধি হয়। কিছুমান বন্ধ ধানৰ সলনিতো পোৱা যায়। বছৰ- চেৰেকৰ ভিতৰতে মোৰ অৱস্থা টনকিয়াল হল। মোৰ অৱস্থাৰ উন্নতি হোৱা দেখি চকু-চৰহা, আপোনপেটীয়া মানুহৰে। অভাৱ নহল। সিহঁতে সদায় মোৰ অৰ্হিত চিঙিবলৈ ধৰিলে। ঈশ্বৰৰ ওপৰত ভৰসা কৰি মই সকলোকে মিত্ৰজ্ঞান কৰিবলৈহে যত্ন কৰিছিলোঁ। কেনোবাই মোক বুদ্ধি সুধিলে তেওঁক সজ বুদ্ধিহে দিছিলোঁ। আইন-কানুন ধৰতে পঢ়ি সেই বিষয়ৰ অলপ জ্ঞান পাইছিলোঁ; আৰু সেই জ্ঞান এতিয়া কামত খটাবলৈ ধৰিলোঁ। কোনোবাই সেই বিষয়ে পৰামৰ্শ কৰিবলৈ আহিলে তেওঁক পাঞ্চলগা আইনৰ অৰ্থ বুজাই দিছিলো। কিন্তু কিছুমান লোকে মোৰ কথা লুগুনি ‘গোচৰ'ত চুচৰি ( কাৰণ, “গোচৰ বুলিলেই চোচৰ,” ) হাবাথুৰি খাইছিল। আমাৰ মানুহৰ গম্ভবেই এনে। ভাস কথা কলেও কিছুমান মামুহে বেয়াছে শুনে। ইকেৱল কুসংস্কাৰ আৰু অন্ধতাৰ ফল লোক ঊন্নতি দেখিলেই কিছুমান লোক চতু পোৰে, এই দোষটোৱেই আমাৰ সৰ্ব্বনাশৰ মূল। মোৰে শত্ৰুৰ অভাষ নহৈছিল, অলপ চেলু পালেই থিয়লীয়া মাহুহে মোৰ বদনাম উলিয়া- বলৈ বা মোৰু কৰ্ণনা কৰিবলৈ নেৰিছিল। 09