পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বান্ধকানিৰ পৰিণাম। i সকলোৱে 'ৰ বৰবি,' বুলি বহুত ধাৰ মাতিও মাত নাপাই সকলো ওচৰলৈ গৈ দেখে যে তেওঁৰ দেহা জীৱনশূন্য; পেৰাকেইটা মেলি চালত দেখিবলৈ পালে যে সেইবোৰৰ তলি উদং— তাও একোৱেই নাই। দেখি আটায়ে বিশ্বয়। ७७ হবিব মৃত্যুত কান্দিবলৈ, এধাৰি চকুলে৷ টুকিবলৈ এতিয়া তেওঁৰ আপোন কোনো নাই। পেটে-সমন্বিতে গঞা-ভূঞা কোনোৱে তেওঁক দেখিব নোৱাৰিছিল। ধৰুৱাৰ মনত বিশেষকৈ আনন্দহে হল: কাৰণ এগুণৰ ঠাইত দুগুণকৈ সুদ লোৱা ৰবি আৰু এই সংসাৰত নাই। দহঞ্জনে বেয়! বুলিব ভাবি ওচৰ-চুবুৰীয়া মানুহজনে দুই চাৰিঞ্জন আল মামুহৰ লগ লাগি তেওঁক খৰি দিলেগৈ, কিন্তু আপোন কোনো নথকাত, বিশেষকৈ টকা-কড়ি এৰি থৈ যাব নোৱাৰাত, তেওঁৰ “মুখৰ ছাই" গুচোৱা নহল। ৰবি বাস্তৱতে আওমৰণেৰে মৰিল। টকা-পইচা মোৰ বুলি, ধৰ্ম্ম- কৰ্ম্মলৈ পিঠি দি, সুখ-স্বচ্ছন্দতা, ভোগ-বিলাস একেবাৰেই এৰি নিজৰ দেহৰো লটিঘটি কৰিলে, অথচ ধনৰো একো সজ ব্যৱহাৰ নহল। লোকে কোৱ! শুনা যায় যে ধনৰ মোহ এৰিব নোৱৰা ৰবিৰ প্ৰেতাত্মাই কেতিয়াবা নৈশ নিস্তব্ধতা ভেদ কৰি "টকা ঔ! -অস্ অপ্!” কৰি ৰবিৰ ভেটিত এতিয়াও চিঞৰ ধৰেহি। কথাটো কিমান দূৰ সঁচা সেই সম্বন্ধে আলোচনা কৰাৰ ভাৰ প্ৰেত-অশ্বসিকলৰ হাতত ॥ G