পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেক৷ ধৰুৱাৰ বুলনী। নজনাকৈ অমুক! ককাইৰ হাতত, অমুকী বাইৰ হাতত মাজে-সময়ে ছেগ বুজি টকা-কড়ি মাকৰ ঘৰলৈ পঠিয়াই তেওঁক চু’চ তলি উদং কৰে তালৈ তেওঁৰ ভন্ন হৈছিল। কিছু দিনৰ পাচত ৰবিৰ বাপেক মাক জহনীত পৰি মৰিল। ৰবিয়ে টিপিং-টাপাংকৈ কোনোমতে পিণ্ডটো দি 'পুং' নামৰ নৰকৰ পৰ৷ পিতৃ-মাতৃক পৰিত্ৰাণ কৰি ‘পুত্ৰ’ নাম সাৰ্থক কৰিলে! এদিন এজন শিক্ষিত ডেকা সমাজৰ হিত চিত্তি কোনো সদহষ্ঠানৰ বাবে আন আন ভদ্ৰলোকৰপৰ। পঁচা তুলিবৰৈ যাওঁতে তেওঁৰ ওচৰ ওলালগৈ আৰু তেওঁক পঁচাৰ ফৰ্দ্দখন দেখুৱালে। ৰবিৰামে ডেকাজন তেওঁৰ পৰা টকা ধাৰ কৰিবলৈ আহিছে বুলি ভাবি প্ৰথমতে তেওঁক ধৰ আদব-সম্মান দেখুৱালে, কিন্তু যেতিয়া দেখিলে যে কথা. বিপৰীত, তেতিয়া তেও কাকতখন ওলোটাই দি কলে, “বোপা, আমাৰ নিচিনা ভিকল মানুহে কি টকা দিব! নেদেখিছা এই হেন পৰিয়ালটো পুহিব লাগে। মোৰ বোধেৰে মোৰ নামটো বাদ দিলেই ভাল। আনেই মোৰ হৈ সেই কেইটকা দিব। এতিয়া যোৱাহে।” ডেকাই উচাট মাৰি “কটা, এইবোৰকে ডাঙৰ মানুহ বোলে! এইবোৰেই আমাৰ সমাজৰ মুখিয়াল! এনে ধৰণৰ মানুহ নকমে কিয়? এনে মানুহ থকা-নথকা একে কথাই” এইদৰে নানা ককৰ্থনা কৰি তাৰ- পৰ৷ গুচি গল। ডেকাজন গলত ৰবিবামে অলপ তৎ পালে; তেতিয়াহে তেওঁ'ৰ ধাতু আহিল আৰু ভাবিলে, “ভাল ৰক্ষা পৰিলে11 মোৰ মুঠি টান নোহোৱা হলে আজিয়েই বাৰুকৈ কেইটকিমান সৰকালেহেতেন! তেওঁ বিলাকেই সব্জ কাম কৰি ফলাওক, আমি তাৰ ভাগ লবলৈ নাযাও। পঁচা-বৰঙনি বুলি মুঠিয়ে মুঠিয়ে ধন নিনে৷ তেওঁ বিপাকে কি ‘যজ্ঞত লগায়?’ বনৰীয়া বোদাই আমাৰ কি পহু মাৰি দিব! এই বাৰৰ