পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বান্ধকানিৰ পৰিণাম। ‘অৰ্থমনৰ্থং ভাবয় নিত্যং নাস্তি ততঃ মুখলেশ: সত্যৎ আঃ মই তেওঁ.বান্ধকানি ৰবিৰ কথাত হে লাগিছোঁ। ধন বুকত বান্ধি বপুৰিৰ কি অৱস্থা হল দেহি! মৰি ধনগুলৈ হবলৈ পালে।” এইদৰে আকাশ-পাতাল ভাবি থাকোঁতে ৰবিৰ পৰিণামৰ কথাই তেওঁৰ মনত্ত বাৰকৈ খেলালে আৰু ৰাইজৰ আগত আজি তাকে 'বেকত' কৰি মনটে৷ পাতলাবৰ বুদ্ধি। ঘটনাটো এই ঃ- ৰবিৰাম সুদৰ টকাৰে চহকী হোৱা মানুহ। আনপিনে নহলেও টকাৰ জোৰ আছে বাবেই গঞাভূঞা সকলোৱে তেওঁক মান-সম্ভ্ৰম কৰে আৰু বসবাহ-বৰভোজত আগ পাত খাবলৈ দিয়ে। কাৰণ "ধনৰ নাম জয়ৰাম।” তেওঁৰ গুণৰ ভিতৰত এটি উল্লেখযোগ্য গুণ হৈছে কিৰ্পিণালি। “আপডালৰ মহ-গৰু,কিৰ্পিণৰ ধন”এই মহাবাক্য শিৰত লৈ তেওঁ সংসাৰ চলাবলৈ ধৰিলে। লোকৰ দোষ খোচৰা বিদ্যাতো ৰবিৰাম বৰ পাকৈত। টাটক-নাটক কৰি ফুৰিবলৈ তেওঁ বৰ ভাল পায়। শুনা যায় যে ‘চৰিত্ৰোদ্ঘাটিনী সভ।' জয়ে জয়ে তেৱেঁই প্ৰতিষ্ঠা কৰে আৰু বহুত দিন- লৈংকসেই সভাৰ সুযোগ্য সম্পাদকৰূপে সভাৰ কাৰ্য্য সুখ্যাতিৰে চলাই এভাগ তলখুচৰীয়া মানুহৰপৰা যশ্য। আৰ্হিছিল। সংসাৰত সোমালে বহুত লেঠা, বিশেষকৈ অনাহকত ভালেমান টকা- কড়িৰ 'প্ৰাছ' হয়, এইবোৰলৈ চাই তেওঁ এক ৰকম বিয়াকে নকৰাওঁ বুলিছিল; কিন্তু ৰাপেক-মাক, বংশ-পৰিয়াল, মিতিৰ-কুটুম, ইষ্ট-মিত্ৰ, গঞা-ভূঞা, জ্ঞাতি-গোত্ৰ, অঙহী-বঙহী, আলেকৰ পালেক,কুকুৰা-চোৱাৰ ভাগিনীয়েক,’ সকলোৱে বৰকৈ ধৰাত হে দুকুৰি বছৰ বয়সত বিয়া কৰিলে; বিয়৷ কৰিলে হয়, কিন্তু এই কথা তেওঁ মনৰপৰ৷ নেৰিলে যে তেও হাতৰ মুঠি আগতকৈও টাৰ্নিহে ধৰিব। জানোচা ঘৈণীয়েকে তেওঁ