পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী যাওক। ৰিয়া পতাৰ বাতৰি শুনাৰপৰ| গাৱঁৰ নামতী ছোৱালীহঁতে চিৰস্তাদাৰৰ জীয়েকক “বুঢ়া দৰা, কোমল কষ্টন!” আদি বিয়া নাম আৰু আন আন জোৰ।-নামেৰে থেকেচি পেলাবলৈ ধৰিলে। মৌজাদাৰৰ মৌজা ঘৰৰপৰা বাৰ মাইল দূৰত। বেচি ভাগ তেওঁ মৌজাতে থাকে; মাজে-সময়ে ঘৰলৈ অহা-যোৱা কৰে। মৌজাদাৰে ঘৈণীয়েকৰ আগত বিয়া কৰোৱা কথা উলিয়াবৰ দিনাই মৌজালৈ গুচি গল। মৌজা পাই তেওঁ বিয়াৰ ধুমধাম লগাই দিলে। বিঘ্নাত মৌজাৰ সকলো ৰায়তে আনন্দেৰে যোগ দিলে। কন্যা-ঘৰৰ বিয়াৰ খৰচ পাতিও দৰায়ে দিলে। যথা সময়ত 'শুভ বিবাহ' নিৰ্ব্বিঘ্নে নিৰাপদে হৈ গল। মৌজাদাৰে ন-ছোৱালী আনি মৌজাৰ ঘৰতে থলেহি। বৰঞ্জনী ঘৈণীয়েকে বিয়াৰ খবৰ বিয়া হৈ যোৱাৰ পিচ দিনাই পালে। মৌজাদাৰৰ মাজিউটো পুতেক সৰুটোতকৈ বুজন'; সি এই কথা শুনিয়েই গড়ত একো নাইকিয়া হৈ দূৰৈৰ মোমায়েকৰ ঘৰলৈ গুচি গল! মৌজাদাৰে তে৷ ঘৰৰ ফালে কাণসাৰ এৰিছেই, এতিয়া বৰবৈণী- য়েকেও যদি তেনেই কৰে তেন্তে যে সেইখন ঘৰ, ঘৰ গুচি বাঁহত্তল হয় সেইটো অনায়াসে বুজিব পাৰি। এনে অৱস্থাত বহুত ঘৰ-ঘৈণীয়ে ঘৰৰ ফালে পিঠি দিয়ে, কিন্তু তেওঁ” তেনে নকৰি, বিশেষকৈ বৰ পুতেকৰ মৰম পাহৰিব নোৱাৰি, ঘৰখন চম্ভালি বাখিলে। বিয়া হৈ যোৱাৰ কেইদিনমানৰ পাচতে মৌজাদাৰৰ ব্ৰ পুতেকে৷ কলিকতাৰপৰা আহি ঘৰ পালেহি। ঘৰ পাবৰ পিচ দিনাই তেওঁ দেউতাকক দেখা কৰিবলৈ মৌজালৈ গল। তাত দেউতাকক যথা- বিহিত সন্মান কৰি তেওঁ এইদৰে কলে, “দেউতা, আপুনি এনে কাম কৰি বৰ ভাল কৰা নাই। বুঢ়া কালত বিয়া কৰাই সতিনী লগলগোৱাৰ কুফললৈ আপুনি আওকণীয়া হোৱাত মনত বৰ বেজাৰ পাইছে। বুঢ়া