পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। সি আপুনি বান্ধ থাই থাকিব৷ আপুনি কাৰোবাৰ কথা শুনিহে এনে কামলৈ মন মেলিছে হবলা! কোনোবা চকু-চৰহাই আপোনাৰ সোণৰ সংসাৰ ছাই কৰিবলৈ আপোনাক এনে কুবুদ্ধি দিছে হব পায়! মইনো কি কম, যেনে ভাল দেখে তাকে কৰক। ভাল হওক বুলি দু-আষাৰ কথা কলো।” মৌজাদাৰে উত্তৰ কৰিলে, “তুমি মিছাতে কথা চোবাইছা। বুঢ়া হলা, তেও তোমাৰ কথাৰ লাগ-বান্ধ নাই। মই আকৌ বিয়া কৰিলে যে এঘৰ নতুন মিতিৰ পাম তালৈ তুমি মনকে কৰা নাই হবলা। এতিয়া তো তোমাৰ ফালৰ মিতিৰ-কুটুমৰ পৰালি পৰিলেই। এনেতে যদি এঘৰ আপদে-বিপদে সহায় পোৱ। মিতিৰ বিচাৰি নলওঁ, তেনেহলে আমি এঘৰীয়া মানুহক কোনে চকু মেলি চাব? এই বিষয়খন আছে বাৰেই আজি মোৰ ইমান খাতিব, কাইলৈ নাইকিয়া হলেই মোৰ মৌজাৰ কোন মানুহ আহি মোক খ্যাতিৰ কৰিবহি আৰু কোন আপদ- বিপদত সহায়-সাবধি হব? বৰঞ্চ যাক যাক চল পাই এপোটোকা দিছে। সিহঁতে তেতিয়া মোৰ শত্ৰুত! আচৰণ কৰিবলৈহে চাষ; আৰু বুজিছাই নহয়, আজিকালি মানুহ বুলিলেই 'গাইগোট! পেটে ভৰাল'। আটাৰে স্বাৰ্থসিন্ধিৰ বাট বিচাৰি ফুৰে।” S যৌজাদাবনীয়ে এইবাৰ একে। উত্তৰ নাকাটি উচাট, মাৰি গুচি গৈ ৰোহ-পাটীত পৰিলগৈ। মৌজাদাৰে মনে মনে ভাবিলে, “মায়াৰাম চিৰস্থাদাৰৰ জীয়েকক তে। বিয়। কৰিম বুলি তেওঁ কথা দিলে। এতিয়া যদি বিয়া ভাঙে। ভেস্তে বৰ লাগত পৰিব লাগিব আৰু তেওঁ যেনেহে মানুহ এনে একাষাৰ কথা শুনিবলৈ পালে মোৰ ওপৰত একেবাৰেই গড়গহস্ত হব। হেন জানি বিয়া কৰাটোৱেই শ্ৰেয়ঃ। বৰঘৈণীয়ে মত নিদিলে কি হস, তেওঁ সতিনী থাটিব লাগিব বুলিহে