পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

18 ডেকা বৰুৱাৰ খুলনী · বহি 'থানা' খাবলৈ নাপালে তেওঁৰ মনত সুখ নালাগে। ঘৈণীয়েকে তো ঘৰৰ বন কৰক ছাৰি কুটা এগছকে ছডোখৰ নকৰে, ঠেঙৰ ওপৰত ঠেং তুলি, ভেম ধৰি, নভেল-নাটক পঢ়িবলৈ পালেহে শ্ৰীমতীয়ে হাতে হাতে স্বৰ্গ ঢুকি পায়। বঙ্গলা নাটক-নভেল, গ্ৰন্থাৱলী আদিতহে বোলে ৰাপ বেচি; গতিকে অসমীয়া কিতাপ কিনি পঢ়াৰ অভ্যাস তেওঁৰ নাই। আনকি উকিল হাকিমে গোৱা কোনো এখন অসমীয়া মাহেকীয়া কাকতৰ পাতকেইটা লুটিয়াবলৈ বোলে তেওঁৰ “সময় নাই,” আৰু লুটিগ্গাবই বা কিয়, তাত তো “ন্যই যে নাই!” একোৱেই নাই। তেওঁ- বিলাক দুয়ো গৰাকীৰে খোৱাৰ বন্দবস্তও সুকীয়া। ভাল ভাল বন্ধু- বোৰৰ ভঁৰাল ( এটি সঙ্ক কুঠৰী) তেওঁৰ শোৱনী কোঠাৰ ওচৰতে; তাৰ সঁচাৰ-কাঠিও শ্ৰীমতীৰ হাততে। সেই অনুপম থোৱা বস্তুৰোবৰ ভাগ পাবলৈ ঘৰৰ আন কোনোবাই আশা কৰাটো বোলে অনুৰে দেৱতাৰ অমৃতৰ ভাগ পাবলৈ আশা কৰাৰ নিচিনা। লাহে লাহে ঘৰুৱা কোন্দলৰ পৰিমাণ বাঢ়িল, তাৰ মাত্ৰা চৰি উঠিল। তেওঁবিলাক দুয়ো বেলেগে থাকিবলৈ মন মেলিলে। কথা কাৰ্য্যত পৰিণত হল। পৈতৃক মাটি-বাৰী আদি ভাগ কৰি তেওঁ বেলেগ হল; আৰু বেলেগে এটা দুমহলীয়া পকা দালান সাজি তাত থাকিবলৈ ধৰিলে। ঘৰৰ লগত তেওঁ একেবাৰে সম্বন্ধ ছিঙিলে। আঘোণী বাই কম মাঙ্গুহ নহয়। কথা কবলৈ চালে তাই মুখলৈ নাচায়। এদিন হৰিনাথে হলধৰ উকিলৰ চৰাত বহি গল্প কবি আছে, এনেতে ভিতৰত হাকিমনীৰে সৈতে আঘোণীয়েও ‘গল্প’ জুৰি বহিছে। নজনা ভাও ধৰি হৰিনাথকে শুনাই আঘোণী বায়ে গলগলীয়া মাতেৰে ডাঙৰকৈ কলে “এৰা আইটি, আজিকালি লৰাবোৰৰ কিবা মতি গতি ললি সিদিনা চকুৰ আগতে কি দেখিলোঁ, হৰি হৰি! আমি সৰু মানুহ